NORTHEAST NOW (Assamese)

তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰী

September 25, 2018 9:55 am ·
Updated: September 25, 2018 10:04 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো মাত্ৰ পাঁচ মিণিটৰ ব্যৱধানত অনুভূত হ’ল তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি। ৰাতিপুৱা প্ৰায় ৯ বাজি ১৭ মিণিটত অনুভূত হৈছিল প্ৰথমটো আৰু তাৰ কেই ছেকেণ্ডমান ব্যৱধানৰ অন্তত দুটাকৈ মৃদু ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্যবাসীক।

ৰিখতাৰ স্কেলত প্ৰায় ৪.৭ প্ৰাবল্যই জোকাৰি যোৱা ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ বৰপেটা বুলি জানিব পৰা গৈছে।

প্ৰায় ১০ ছেকেণ্ড মান সময় ধৰি গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত অব্যাহত আছিল প্ৰথম দুটা ভূমিকম্পৰ জোকাৰণি।

ইফালে ভূমিকম্পৰ ফলত মহানগৰীৰ এপাৰ্টমেণ্ট তথা অট্টালিকাত বাস কৰা লোকসকল বাহিৰলৈ ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় লয়।

উল্লেখ্য যে বৰ্তমান সময়লৈকে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা ভূমিকম্পৰ ফলত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Related News