NORTHEAST NOW (Assamese)
অসম

সম্পূৰ্ণ নগ্ন হৈ সাগৰৰ পাৰত দৌৰিলে মিলিন্দ সুমনে; পত্নী অংকিতাই তুলিলে ফটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 5:04 pm
WhatsApp Image 2020-11-04 at 4.02.18 PM

বলীউদৰ চিৰসেউজ শাৰীৰিক সৌন্দৰ্যৰ অধিকাৰী আৰু পুৰুষ হিচাপে পৰিচিত মডেল তথা অভিনেতা মিলিন্দ সুমনে প্ৰমান কৰি দিছে যে বয়স মাথো এটা সংখ্যাহে।

নিজৰ অভিধানৰ পৰা বয়স্কৰ পৰিভাষা সলনি কৰি মিলিন্দ সুমনে বাৰ্দ্ধক্যক জয় কৰিলে তাৰুণ্যৰে।

বুধবাৰে মিলিন্দ সুমনৰ জন্মদিন আৰু এই জন্মদিন উদযাপনৰ বাবে তেওঁ পূৰ্বেই সপত্নীক গোৱালৈ ৰাওনা হয়।

মঙলবাৰে এটা প’ষ্টৰ জৰিয়তে নিজৰ অনুৰাগীসকলক এই কথা জনায় মিলিন্দ সুমনে।

আনহাতে, জন্মদিনৰ দিনা পুৱাই মিলিন্দে এখন সম্পূৰ্ণ নগ্ন ছবি প’ষ্ট কৰে। তাত দেখা গৈছে যে সাগৰৰ পাৰত নগ্ন হৈয়ে তেওঁ দৌৰিছে।

সহজ ভাষাত তেওঁ নিজকে জন্মদিনৰ শুভেচ্ছা জনাইছে। ফটোৰ কেপশ্যনত লিখিছে,’’হেপিডে বাৰ্থডে টু মি! #৫৫।‘’

এই ফটোখন তুলিছে মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰে।

উল্লেখ্য যে ২৫ বছৰ পূৰ্বে মডেল মধু চাপ্ৰে আৰু মিলিন্দ সুমনৰ এখন নগ্ন ফটোই দেশজুৰি তোলপাৰ লগাইছিল। জোতাৰ এটা ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে আছিল সেই ফটো। সম্পূৰ্ণ নগ্ন মধু আৰু মিলিন্দ। মাত্ৰ নগ্নতাক আবুৰ দিবলৈ মিলিন্দৰ ডিঙিত পাক খাই আছিল এডাল অজগৰ।

এইবাৰ আকৌ জন্মদিনত নগ্ন ফটো তুলি প’ষ্ট কৰিলে মিলিন্দে। আনহাতে, পত্নী অংকিতাৰ সৈতে প্ৰেমৰ নিবিড় সানিধ্যৰ ছবিও প’ষ্ট কৰিছে মিলিন্দে।