NORTHEAST NOW (Assamese)

আলোচনা ব্যৰ্থ হ’লে চীনৰ বিৰুদ্ধে সামৰিক শক্তি প্ৰয়োগৰ বিকল্প নাথাকিব: বিপিন ৰাৱাট

August 24, 2020 12:22 pm · এন ই নাও নিউজ
Updated: August 24, 2020 12:40 pm

পূব লাডাখত চীনৰ সেনাই চলোৱা আগ্ৰাসনৰ বিষয়টোকলৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কত অধিক জটিলতা আহি পৰিছে{

পূব লাডাখৰ ফিংগাৰ ৫ পৰ্যন্ত চীনৰ সেনাই যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে।

উপগ্ৰহৰ ছবিত ধৰা পৰা মতে উক্ত অঞ্চলত চীনৰ সেনাই যুদ্ধত প্ৰয়োজন হোৱা সকলো খিনি ব্যৱস্থাই গঢ়ি তুলিছে।

ইয়াৰ মাজতে চীনৰ সৈতে ভাৰতৰ ছয়লানি কামাণ্ডাৰ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে যদিও এতিয়ালৈকে লাডাখ সংকট সন্দৰ্ভত কোনো ইতিবাচক সমাধান সূত্ৰ ওলোৱা নাই।

চীনৰ সৈতে লাডাখ প্ৰসংগত পুনৰ ভাৰতে আলোচনা কৰিবলৈ সাজু হৈছে।

এনে সময়তে আজি ভাৰতৰ চীফ অফ দ্য ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে কৈছে যে যদি চীনৰ সৈতে হ’বলগীয়া আলোচনা ব্যৰ্থ হয় তেন্তে লাডাখৰ পৰা চীনৰ সেনাক খেদি পঠিয়াবলৈ ভাৰতে সামৰিক শক্তি প্ৰয়োগ কৰিবলৈ বাধ্য হ’ব।

ভাৰতৰ প্ৰতিৰক্ষা বিভাগে এই সম্পৰ্কীয় সকলো পৰিকল্পনা যুগুতাই ৰাখিছে বুলি ৰাৱাটে মন্তব্য কৰে।

তেওঁ কয় যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা অজিত দোভালকে ধৰি প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া সকলে লাডাখৰ বিষয়টোক লৈ সতৰ্ক হৈ আছে।

যদি চীনে আগ্ৰাসনবাদী মনোভাৱ ত্যাগ নকৰে তেন্তে সামৰিক শক্তি প্ৰয়োগৰ বিকল্প নাথাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

Related News