NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

প্ৰচণ্ড গৰমত মৰিছে লাখ লাখ মাছ; এসময়ত মানুহৰো হ’ব নেকি একেই দশা? চিন্তিত পৰিৱেশবিদ, সচেতন ৰাইজ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 5, 2024 8:01 pm
প্ৰচণ্ড গৰমত মৰিছে লাখ লাখ মাছ; এসময়ত মানুহৰো হ’ব নেকি একেই দশা? চিন্তিত পৰিৱেশবিদ, সচেতন ৰাইজ

ভিয়েটনামৰ দক্ষিণ প্ৰদেশ ডং নাইৰ এটা জলাশয়ত মৃত্যু হৈছে লাখ লাখ মাছৰ। প্ৰচণ্ড গৰমৰ বাবে মাছবোৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

পৰিস্থিতিত প্ৰায় ৩০০ হেক্টৰ জলাশয়টো মৰা মাছেৰে ভৰি পৰিছে। মাছমৰীয়াসকলে খোজকাঢ়ি বা নাৱেৰে সেই মাছবোৰ সংগ্ৰহ কৰিছে।

দক্ষিণ এছিয়াৰ আন দেশৰ দৰে ভিয়েটনামতো তীব্ৰ গৰমে যন্ত্ৰণা দিছে। দেশখনত তাপমাত্ৰাই প্ৰায় ৪০ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে। এনে পৰিস্থিতিত কৃষকসকলে নিজৰ শস্য বচাবলৈ সংগ্ৰাম কৰি আছে।

স্থানীয় সংবাদ মাধ্যম আৰু স্থানীয় ৰাইজে জলাশয়টোৰ দুৰ্দশাৰ কাৰণ খৰাং, গৰম আৰু ইয়াৰ পৰিচালনাৰ সৈতে জড়িত সমস্যা বুলি কৈছে।

ইয়াৰ পূৰ্বে সংবাদ সংস্থা এ এফ পিয়ে প্ৰকাশ কৰা অনুসৰি জলাশয়টোত থকা প্ৰাণীসমূহ জীয়াই থকাৰ সম্ভাৱনা কম কাৰণ কেইবা সপ্তাহ ধৰি বৰষুণ হোৱা নাই।