NORTHEAST NOW (Assamese)
অসম

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2021 4:47 pm
Indian_National_Flag_EPS

কোভিড আতংকৰ মাজতে কাইলৈ সমগ্ৰ দেশ জুৰি উদযাপন কৰা হ’ব ৭১ সংখ্যক গণৰাজ্য দিবস। দেশৰ আন প্ৰান্তৰ সৈতে সংগতি ৰাখি অসমত সম্পূৰ্ণ কোভিড প্ৰট’কল মানি উদযাপন কৰা হ’ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী। কাইলৈ ৰাজ্যৰ বিভিন্ন স্থানত অসম চৰকাৰ  মন্ত্ৰীসকলৰ মাজৰে বহুতে উত্তোলন কৰিব জাতীয় পতাকা। আহক চাওঁ অসমৰ কোন মন্ত্ৰীয়ে ক২ত উত্তোলন কৰিব পতাকা—

ডিব্ৰুগড় পতাকা উত্তোলন কৰিব- চন্দ্ৰমোহন পাটোৱাৰীয়ে, বৰপেটাত পতাকা উত্তোলন কৰিব- সিদ্ধাৰ্থ ভট্টাচাৰ্যই, তিনিচুকীয়াত পতাকা উত্তোলন কৰিব- সঞ্জয় কিষাণ।

শিলচৰত পতাকা উত্তোলন কৰিব- পৰিমল শুক্লবৈদ্যই, মৰিগাঁৱত পতাকা উত্তোলন কৰিব- পিয়ুষ হাজৰিকাই, লখিমপুৰত পতাকা উত্তোলন কৰিব- ৰঞ্জিত দত্তই।

যোৰহাটত পতাকা উত্তোলন কৰিব- অতুল বৰাই, ধুবুৰীত পতাকা উত্তোলন কৰিব- প্ৰমীলাৰাণী ব্ৰহ্মই, মাজুলীত পতাকা উত্তোলন কৰিব- নৱ দলেই।

নগাঁৱত পতাকা উত্তোলন কৰিব- ড০ হিমন্ত বিশ্ব শৰ্মাই, তেজপুৰত পতাকা উত্তোলন কৰিব- কেশৱ মহন্তই।