NORTHEAST NOW (Assamese)
অসম

সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী পি ডব্লিউ ডি বিভাগৰ ইঞ্জিনীয়াৰ হ’লে নহ’ব: মন্ত্ৰী Ajanta Neog

Posted by: মীনাক্ষী ফুকন, গোলাঘাট October 3, 2021 12:47 pm
IMG_20211002_152428

“এগৰাকী মাতৃ সুৰক্ষিত হলেহে এখন দেশ সুৰক্ষিত হ’ব। প্ৰধানকৈ শিশু আৰু মহিলাসকল সুস্বাস্থ্যৱান নহ’লে এখন দেশ বা ৰাজ্য কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী সমগ্ৰ অসমত পোষণ মাহ উপলক্ষে জন জাগৰণ যাত্ৰা আৰম্ভ হৈছিল। ইতিমধ্যে ৰাজ্য চৰকাৰৰ এই অভিযান এক সফল অভিযান হিচাপে পৰিগণিত হৈছে।”

শনিবাৰে গোলাঘাটৰ  সমন্বয় ক্ষেত্ৰত ৰাজ্যিক পোষণ মাহৰ আনুষ্ঠানিক সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ৰাজ্যবাসীলৈ এইদৰে মন্তব্য আগবঢ়ায়।

মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে  অপুষ্টিকৰ শিশুৰ বাবে পুষ্টিৰে ভৰা একোটাকৈ বিশেষ চকলেট দিয়া হ’ব। যি চকলেটে পুষ্টিহীনতাত ভোগা শিশুক পুষ্টি যোগান ধৰিব।

নেওগে লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সংবেদনশীল হ’বলৈ আহ্বান জনাই পি ডাব্লিউ ডি ইঞ্জিনীয়াৰ হ’লে নহ’ব বুলি এক তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।

এই  সামৰণি অনুষ্ঠানত  দিনযোৰা কাৰ্য্যসূচীৰে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

বিশেষকৈ পুষ্টিহীনতাৰ দৰে ৰোগৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি তাৰ বাবে পুতলা নাচ আৰু পুতলা নাটকৰ জৰিয়তে উপস্থিত সকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে সমাজ কল্যাণ বিভাগে।