NORTHEAST NOW (Assamese)
অসম

আছুৰ জাতীয়তাবাদী সত্ত্বা এতিয়া কফিনৰ ভিতৰত থকা প্ৰেতাত্মা হ’ল: মন্ত্ৰী অতুল বৰা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 3, 2021 6:58 pm
Atul Bora vs AASU.1

‘’সদৌ অসম ছাত্ৰ সন্থাই জাতীয়তাবাদী সত্ত্বাক কফিনত ভৰাই শেষ গজালটো মাৰি দুই গজ মাটিৰ তলত পুতি পেলালে ৷ আছুৰ জাতীয় সত্ত্বা এতিয়া প্ৰেতাত্মা হ’ল ৷ প্ৰেতাত্মা আকৌ আছুৰ শৰীৰলৈ উভতি নাহে ৷’’

আছুৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই অসম গণ পৰিষদক মঙ্গলবাৰে শেষ সকীয়নি প্ৰদানৰ পাছত আজি বোকাখাতত অগপৰ সভাপতি তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, স্থানীয় বিধায়ক অতুল বৰাই আছুৰ প্ৰতি পুনৰ শেষ সকীয়নি প্ৰদান কৰে ৷

ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই অসম গণ পৰিষদক সমালোচনা কৰাৰ পৰা বিৰত থকাৰ বাবে সকীয়নি দিয়াৰ প্ৰসংগত আজি বোকাখাতত এইদৰে কয় মন্ত্ৰী অতুল বৰাই ৷

অতুল বৰাক প্ৰাক্তন আছু নেতা বুলি ক’বলৈ লাজ লগা বুলি কৰা মন্তব্যৰ উত্তৰ দি অতুল বৰাই সদৌ অসম ছাত্ৰ সন্থা এতিয়া অৰাজনৈতিক বা জাতীয় সংগঠন হৈ থকা নাই বুলি মন্তব্য কৰাৰ উপৰিও ৰাজনৈতিক পোচাক পিন্ধা আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ আনক সমালোচনা কৰাৰো কোনো অধিকাৰ নাই বুলিও মন্তব্য কৰে ৷

অতুল বৰাৰ মতে আছুৱে কৰি অহা ভুল বিলাকহে আমি সময়ে সময়ে সোঁৱৰাই আহিছো ৷ শ্ৰীকৃষ্ণই কৰিলে লীলা আৰু আনে কৰিলে ধৰি বান্ধি কিলা বুলিও আছুৰ প্ৰতি তীৰ্যক মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে আজিৰ দিনটোত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই বোকাখাত পৌৰসভাৰ চাৰিটা ৱাৰ্ডৰ ১৬ টা পথৰ ইটোৰ ফিটা কাটি উন্মোচন কৰাৰ উপৰিও বহু পথ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে ৷

ইয়াৰ মাজতে মন্ত্ৰীগৰাকীয়ে বোকাখাত কৈলাখাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত বেটমিন্টন প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰে ৷

ইয়াৰ পূৰ্বে মধ্য গড়মূৰ বুঢ়া নামঘৰত বৰ্দ্ধিত এঘাৰখেলীয়া সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্ট প্ৰহৰ অবিৰত ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হৈ সেৱাও আগবঢ়ায়৷

এই নামঘৰৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা ডেৰ লাখ টকাৰ আৰু বৰ্দ্ধিত এঘাৰখেলীয়া সমিতিৰ বাবে এক লাখ টকাৰ অনুদান আগবঢ়ায়।