NORTHEAST NOW (Assamese)

তেজ লোৱা হৈছে অসমৰ সংক্ৰমিত গাহৰিৰ, পৰীক্ষা চলি আছে

April 26, 2020 10:02 pm · দীপজ্যোতি শৰ্মা
Updated: April 26, 2020 11:23 pm
অতুল বৰা। ফাইল ফটো

অসমৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই দেওবাৰে কয় যে ৰাজ্যত সংক্ৰমিত গাহৰিৰ তেজ সংগ্ৰহ কৰা হৈছে আৰু নমুনাৰ পৰীক্ষা চলি আছে।

গাহৰিৰ অস্বাভাৱিক মৃত্যুক লৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত এক পৰ্য্যালোচনা সভাৰ শেষত এই কথা প্ৰকাশ কৰে মন্ত্ৰী বৰাই।

“তিনিটা লেবত বৰ্তমান পৰীক্ষণ চলি আছে। নমুনা ভূপাললৈ পঠিওৱা হৈছে৷ ভূপালৰ পৰা এতিয়ালৈ কোনো ফলাফল অহা নাই,” বৰাই কয়।

দুই-এদিনৰ ভিতৰতে ফলাফল আহিব বুলি প্ৰকাশ কৰি বৰাই কয় যে এই সন্দৰ্ভত পশু চিকিৎসা বিজ্ঞানীৰ লগত কথা হৈছে।

“গাহৰিৰ মৃত্যু অস্বাভাৱিক৷ প্ৰতিখন জিলাত এখন কমিটী গঠন কৰা হৈছে,” বৰাই কয়৷

ইফালে ৰাজ্যত গাহৰি মাংস নিষিদ্ধ কৰা বুলি ওলাই থকা বাতৰিৰ মাজতে বৰাই কয় যে এফেক্টেড জিলাকেইখনৰ বাদে বাকী ঠাইত গাহৰি মাংসৰ বিক্ৰী চলি থাকিব৷

প্ৰভাৱিত জিলা ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, বিশ্বনাথ আৰু যোৰহাটত গাহৰিৰ বিক্ৰী বন্ধ থাকিব৷

বৰাই কয় যে এই ছখন এফেক্টেড জিলাৰ পৰা সৰবৰাহ নহয় গাহৰি আৰু দানা৷

“দানা পৰিবহণত কোনো অসুবিধা নাই যদিও এফেক্টেড জিলাত এখন ফাৰ্মৰ পৰা আন এখন ফাৰ্মলৈ দানা নিয়াত অসুবিধা আছে,” তেওঁ কয়।

কৃষি মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে ৰাজ্যত গাহৰিক ভেকচিন দিয়াৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব৷

“তিনি লাখ ড’জ ভেকচিন দিয়া হ’ব জিলাসমূহত,” তেওঁ কয়৷

তাৰোপৰি ঘৰচীয়া গাহৰিৰ পৰা বনৰীয়া গাহৰিলৈ সংক্ৰমণ যাতে নঘটে তাৰ বাবেও সাৱধান হ’ব লাগিব বুলি উল্লেখ কৰি বৰাই কয় যে এই লৈ আলোচনা চলি আছে।

“কাজিৰঙা, লাওখোৱাৰ লগতে অন্যান্য স্থানত থকা বনৰীয়া গাহৰিৰ সংক্ৰমণৰ বিষয়টোও চিন্তনীয়। চুবুৰীয়া গাওঁসমূহৰ ঘৰচীয়া গাহৰিৰ পৰা যাতে সংক্ৰমণ নহয় তাৰ বাবে সাৱধান হব লাগিব,” তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে অসমৰ বনাঞ্চলসমূহত প্ৰায় সাত হাজাৰ বনৰীয়া গাহৰি আছে।

বিপৰীতে ২০১৯ৰ পৰিসংখ্যা অনুসৰি ৰাজ্যত গাহৰিৰ উৎপাদন প্ৰায় ২১ লাখ।

Related News