NORTHEAST NOW (Assamese)
Popular Stories

টেষ্টত কোন ভাৰতীয় বেটছমেনক আউট কৰাটো কঠিন বুলি ক’লে বিশ্বৰ এক নম্বৰ বলাৰগৰাকীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2020 9:23 pm

টেষ্ট ক্ৰিকেটত চেতেশ্বৰ পুজাৰৰ বিৰুদ্ধে বলিং কৰাটো যথেষ্ট কষ্টকৰ বুলি মন্তব্য কৰিছে বিশ্বৰ এক নম্বৰ টেষ্ট বলাৰ পেট কামিনছে। ভাৰতৰ মিডিল অৰ্ডাৰৰ পুজাৰা অষ্ট্ৰেলিয়া দলৰ বাবে চিন্তাৰ কাৰণ বুলিও বলাৰগৰাকীয়ে মন্তব্য কৰে।

ভাৰতীয় টেষ্ট দলৰ তিনি নম্বৰ স্থানত পুজাৰা এগৰাকী যথেষ্ট নিৰ্ভৰযোগ্য বেটছমেন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১৮-১৯ত খেলা শৃংখলাটো বিজয়ৰ অন্তৰালত পুজাৰাৰ যথেষ্ট অৰিহনা আছিল।

অষ্ট্ৰেলয়াই ক্ৰিকেটাৰ্ছ এছ’চিয়েশ্যনৰ দ্বাৰা আয়োজিত প্ৰশ্নোত্তৰ কালত কামিনছক সোধা হৈছিল যে তেওঁ কোনগৰাকী বেটছমেনক বলিং কৰিবলৈ কঠিন পাইছিল, তেতিয়া তেওঁ পুজাৰাৰ নাম লয়।

কামিনছে কয়, ‍‘বহু বেটছমেন আছে, কিন্তু ভাৰতৰ চেতেশ্বৰ পুজাৰা বেলেগ ধৰণৰ আছিল। তেওঁ আমাৰ বাবে চিন্তাৰ বিষয় আছিল’।

কামিনছে কয়, ‍‘সেই ছিৰিজটোত পুজাৰা আমাৰ সন্মুখত এটা শিলৰ দৰে থিয় হৈ আছিল। তেওঁক আউট কৰা খুব কঠিন আছিল। তেওঁ সদাই দৃঢ়তা আৰু একাগ্ৰতাৰে বেটিং কৰিছিল। মই ভাবো টেষ্ট ক্ৰিকেটক পুজাৰাক আউট কৰাতো সবাটোকৈ কঠিন’।

উল্লেখ্য যে পুজাৰাই শেহতীয়া অষ্ট্ৰেলিয়া ভ্ৰমণত তিনিটা শতক আৰু এটা অৰ্ধশতকৰ সহায়ত ৫২১ ৰান সংগ্ৰহ কৰিছিল আ্‌ৰু যাৰ ফলত ভাৰতে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয়ী হ’বলৈ সক্ষম হৈছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা উক্ত ছিৰিজটোত পুজাৰা শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল।