NORTHEAST NOW (Assamese)
অসম

ড০ হীৰেণ গোহাঁই মুছলিম মৌলবাদী সংগঠনৰ সক্ৰিয় অংশীদাৰ : হিমন্ত বিশ্ব শর্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 28, 2020 1:08 pm
Himanta VS Hiren Gohain

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামে চাহিনবাগৰ প্ৰতিবাদস্থলীত অসম সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পাছতে ‘ছাৰ্জিল দেশদ্ৰোহী নহয়, যৌৱনৰ আৱেগত কোৱা কথা’ বুলি মন্তব্য কৰা ড০ হীৰেণ গোহাঁইক উভটি ধৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশিষ্ট বুদ্ধিজীৱীগৰাকীক কটু সমালোচনা কৰি তেওঁক মুছলিম মৌলবাদী সংগঠনৰ সক্ৰিয় অংশীদাৰ বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মঙলবাৰে জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰী শৰ্মাই কয়, ‘হীৰেণ গোহাঁই মুছলমান মৌলবাদী সংগঠনৰ সমৰ্থক। এইটো নতুন কথা নহয় যে তেওঁ আগৰে পৰা এনে কাম কৰি আহিছে। সেয়া চৈয়দ চাদুল্লাক অসম প্ৰেমী সজোৱাই হওঁক, মৌলানা মাদানীৰ লগত বহি এন আৰ চিক বিফল কৰাৰ ষড়যন্ত্ৰই হওঁক, বা চাৰ্জিল ইমামক দেশপ্ৰেমী আৱেগিক যুৱক আখ্যা দিয়াই হওঁক। অসমত মুছলিম মৌলবাদী শক্তিয়ে অসমখনক অশান্ত কৰিবলৈ চেষ্টা চলাই আছে, তাত হীৰেণ গোহাঁই সক্ৰিয় অংশীদাৰ’।

ইপিনে, বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে যি কথা কয় তাৰে ওলোটাটো অসমৰ ৰাইজে কৰিব লাগে বুলি মন্তব্য কৰি শৰ্মাই কয় ‘হীৰেণ গোহাঁইয়ে ক’লা বুলি ক’লে আমি বগা বুলি ক’ব লাগে, বগা বুলি ক’লে ক’লা বুলি ক’ব লাগে। মোৰ তেওঁৰ প্ৰতি সহানুভূতি নাই সেইটো চিধা কথা’।

আনহাতে, উক্ত সংবাদমেলতে গোহাঁইক জাতিদ্ৰোহী আখ্যা দি হিমন্তই কয় ‘হীৰেণ গোহাঁইয়ে অসম আন্দোলনৰ পৰা আজিলৈকে তেওঁৰ ভুমিকা জাতি বিৰোধী, জাতিধ্বংসী। ‘কা’ক জাতিধ্বংসী ক’ব নালাগে, ক’ব লাগে জাতিধ্বংসী হীৰেণ গোহাঁই। তেওঁ বিজেপিক ভোট দিব নালাগে বুলি এসময়ত কৈছিল, কিন্তু বিজেপিক অসমৰ ৰাইজে ধাৰাধাৰ ভোট দিলে।‘

‘হীৰেণ গোহাঁইক লৈ স্তম্ভিত নহয়। কিন্তু এতিয়াও এচাম শিল্পী, বুদ্ধিজীৱী, সাহিত্যিকে হীৰেণ গোহাঁইক সভাত মাতি তেওঁৰ লগত যুটীয়া স্বাক্ষৰ কৰি ন্যায্যতা প্ৰদান কৰিবলৈ বিচৰাটোহে চিন্তনীয়। দুৰ্ভাগ্যৰ বিষয় কোনো কোনো শিল্পী সাহিত্যিকে হীৰেণ গোহাঁইক সামাজিক আসন দিব খোজা প্ৰচেষ্টাহে আটাইতকৈ দুখজনক’। শৰ্মাই লগতে কয়।

বিশিষ্ট বুদ্ধিজীৱীগৰাকীক লৈ হিমন্তই কৰা এই বিস্ফোৰক অভিযোগ তথা মন্তব্যৰ প্ৰত্যুত্তৰ ড০ হীৰেণ গোহাঁইয়ে কিদৰে দিয়ে সেয়া সময়ত লক্ষ্যণীয় হ’ব।