NORTHEAST NOW (Assamese)
অসম

জুবিনক আক্ৰমণৰ চেষ্টা : কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 13, 2020 3:24 pm
62fa18ed-8898-472f-aefa-cc49535941cf

কালি নিশা কোনো দুৰ্বৃত্তই জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা চলোৱাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জিএমচিএইচৰ প্লাজমা দান অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ গৰিহনা দিয়াৰ লগতে জুবিনক সমালোচনা কৰিব নালাগে বুলিও উল্লেখ কৰে।

তেওঁ কয়, ‘জুবিন গাৰ্গৰ লগত যদি দুজন নিৰাপত্তাৰক্ষী নাথাকিলহেঁতেন তেন্তে পৰিস্থিতি বিষম হ’লহেঁতেন। ঘটনাটোক আমি গৰিহনা দিছো। মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক দায়িত্ব দিয়া হৈছে। যিহেতু গাড়ীৰ নম্বৰ এজাহাৰত দি দিয়া হৈছে সেয়েহে তৎকালীনভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে।‘

ইপিনে, অসমৰ এচাম লোকে শিল্পীসকলক জীয়াই থকাৰ সময়ত সন্মান দিব নাজানে বুলি উল্লেখ কৰি তেওঁ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰসংগ দাঙি ধৰে।

তেওঁ কয়, ‘ভূপেন হাজৰিকা যেতিয়া জীয়াই আছিল তেতিয়া অসমৰ মানুহে তেওঁকো কটু সমালোচনা কৰিছিল আৰু ব্যতিবস্ত কৰি তুলিছিল। মৃত্যুৰ পাছত মানুহজনৰ কাৰণে বহু কান্দিলো। কিন্তু সেইখিনি মানুহজনে দেখি নগ’ল। জীয়াই থকাৰ সময়ত যদি জাতিটোৱে সন্মান দিব নোৱাৰে পিছত এইটোৰ কিমান মূল্য আছে আমি নাজানো।‘

ইপিনে, জুবিন গাৰ্গক বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি দাবী জনাই শৰ্মাই লগতে কয়, ‘তেওঁ যদি কিবা কথাত মাত মাতিব খোজে তেন্তে তেওঁক মানা কৰিব লাগে যে জুবিন তুমি এইটো আন্দোলনতো নালাগে, সেইটো আন্দোলনতো নালাগে।‘

হিমন্তৰ মতে ‘ৰাজনীতি কৰা আৰু আন্দোলনৰ কাৰণে বহু মানুহ থাকিব আৰু আছে। জুবিনক আমি মনে প্ৰাণে বিচাৰো অসমৰ কলা-সংস্কৃতিখিনি তেওঁ ধৰি ৰাখক। সেইকাৰণে জুবিনক বিজেপি হোৱাটোও নিবিচাৰো, কংগ্ৰেছী হোৱাটোও নিবিচাৰো। মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰো, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰো।‘

তদুপৰি, জুবিন গাৰ্গ অসমৰ কলা-সংস্কৃতিৰ বাহক হৈ থাকক বুলি উল্লেখ কৰি হিমন্তই লগতে কয়, ‘ৰাজনৈতিক কথাত তেওঁক আমি টানিব নালাগে। জুবিনৰ সহজ সৰল মন সেইটোক কোনেও আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা ধৰণৰ ঘটনাই জাতিটোৰ কাৰণে দুখ আনে।‘

‘জুবিন গাৰ্গক লৈ ফেচবুকত বিতৰ্ক কৰিব নালাগে। কাৰণ আমি কোনো জুবিন গাৰ্গ হ’ব নোৱাৰো। জুবিনৰ যি গুণ আছে তাৰ সমকক্ষ আমি হ’ব নোৱাৰো। সেইকাৰণে বিতৰ্কৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। তেওঁ বহু ওপৰলৈ যাব লাগে আৰু অসম মাতৃৰ বাবে সু-নাম কঢ়িয়াই আনিব লাগে। ৰাজনীতি কৰিবৰ বাবে আমি আছো।‘ হিমন্তই লগতে কয়।

তেওঁ আৰু কয়, ‘আৰক্ষীয়ে জুবিনক ৰক্ষণাবেক্ষণ দিবলগীয়াটো দুখৰ কথা। অসমীয়া মানুহে জুবিনক ৰক্ষা কৰিব লাগিব। কেতিয়াবা যেতিয়া আন্দোলনৰ সময়ত জুবিনৰ বিষয়ে দুই-এষাৰ ক’ব লাগে সেই সময়ত মোৰো দুখ লাগে।‘