NORTHEAST NOW (Assamese)

‘স্বপন আৰু মৌচুমীৰ মাজত ইলু-ইলু চলি আছে’ ৰাজহুৱা সভাত ‘দক্ষ’ মন্ত্ৰীৰ চূড়ান্ত অভৱ্য আচৰণ ভাইৰেল

April 1, 2021 2:42 pm · কল্পজ্যোতি শইকীয়া
Updated: April 1, 2021 2:55 pm

প্ৰথমে কংগ্ৰেছী তাৰ পাছত বিজেপিলৈ জপিওৱা এজন দায়িত্বশীল বা নিজকে দক্ষ বা প্ৰতাপী পৰিচয় দিয়া এগৰাকী মন্ত্ৰীৰ আচৰণ কেনে হ’ব পাৰে? কেতিয়াবা যদি মহিলাক ৰাজহুৱাভাৱে ফ্লায়িং কিছ দি ভাইৰেল হ’বলৈ চেষ্টা কৰিছে কেতিয়াবা আকৌ নাচি-জপিয়াই গাড়ীৰ ওপৰত উঠি এক ৰাতিৰ ভিতৰতে ভাইৰেল হৈ পৰিছে। তেওঁৰ মুখেৰে বৰষে সভ্যতা-সংস্কৃতি ৰক্ষাৰ উদাত্ত ভাষণ।

সেইজন মন্ত্ৰীয়ে ধেমালিৰ চলেৰে হ’লেও অভদ্ৰামিৰ চূড়ান্ত পৰ্য্যায় অতিক্ৰম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বিজেপি চৰকাৰৰ বেটি বচাও বেটি পঢ়াওঁ, নাৰীক সুৰক্ষা তথা সন্মান যেন মন্ত্ৰীগৰাকীৰ এটা বাক্যই একেবাৰে ধুলিসাৎ কৰি পেলালে।

লামডিং সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মৌচুমী শৰ্মা বেজবৰুৱাকলৈ চৰম অশালীন মন্তব্য প্ৰকাশ কৰে কথাই কথাই মহিলাৰ উন্নয়নৰ ভাষণৰ ফুলজাৰি মৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লামডিং সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ লামডিঙৰ কাকী খেলপথাৰত যোৱা ৩০ মাৰ্চৰ দিনা প্ৰচাৰ চলাবলৈ গৈ প্ৰথমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘স্বপন আৰু মৌচুমীৰ মাজত ইলু ইলু চলি আছে। মানে আই লভ য়ু আই লভ য়ু।‘

অৰ্থাৎ প্ৰথমে মন্ত্ৰীগৰাকীয়ে লামডিঙৰ কংগ্ৰেছী প্ৰাৰ্থী স্বপন কৰ আৰু মৌচুমী বেজবৰুৱাৰ মাজত ইলু ইলু চলি থকা বুলি হাতৰ মুদ্ৰাসহ উল্লেখ কৰে।

পাছত অৱশ্যে, মন্ত্ৰীগৰাকীয়ে নিজকে দায়মুক্ত কৰিবলৈ ‘ব্যক্তিগত নহয়, ৰাজনৈতিকভাৱে ইলু ইলু চলি আছে। মানে তই মোক সহায় কৰ মই তোক সহায় কৰিম’ বুলি ভাষণত উল্লেখ কৰে।

এজন দায়িত্বশীল মন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী মহিলা প্ৰাৰ্থীক লৈ তৰল মন্তব্য কৰা কিমানদূৰ গ্ৰহণযোগ্য? ইয়াক লৈ এতিয়া ছ’চিয়েল মিডিয়াত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

ইপিনে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী মৌচুমী শৰ্মা বেজবৰুৱাইয়ো কালি ফেচবুকযোগে মন্ত্ৰীগৰাকীৰ অশালীন মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

এক ভিডিঅ’যোগে মৌচুমীয়ে কয়, ‘মোক লৈ তেওঁ অশালীন মন্তব্য কৰি থৈ গ’ল। এয়াই তেওঁৰ সংস্কৃতি। তেওঁৰ সংস্কৃতিয়ে ৰাজনৈতিক সমাজখনত দুস্কৃতি নমাই থৈ গ’ল। তেওঁৰ মন্তব্যই ৰাইজক বিভ্ৰান্তি কৰিছে আৰু যুৱ সমাজক বিপথে পৰিচালিত কৰিছে। মই এগৰাকী সংস্কৃতিবান পৰিয়ালৰ মহিলা আৰু কাকীৰ সাংস্কৃতিবান সমাজৰ সৈতে উঠা-বহা কৰো।‘

‘সমগ্ৰ লামডিং সমষ্টিৰ ৰাইজে মোক আপোন কৰি লৈছে। ৰাজহুৱা স্থানত এগৰাকী মহিলাক কেনেকৈ সন্মান কৰিব লাগে সেইখিনিও মন্ত্ৰীগৰাকীয়ে নাজানে আৰু তেওঁ মোক অপমানিত কৰি থৈ গ’ল। তেওঁৰ শালীনতাবোধৰ সীমা চেৰাই যোৱা কথাটো তেওঁ অনুভৱো নকৰিলে।‘ হিমন্তক কটাক্ষ কৰি এইদৰে কয় মৌচুমীয়ে।

তেওঁ লগতে কয়, ‘এগৰাকী মহিলা আগবাঢ়ি গ’লে দুৰ্বল মনৰ পুৰুষে ভয় খায়। তেতিয়াই ব্যক্তিগতভাৱে আক্ৰমণ কৰে। হিমন্ত বিশ্ব শৰ্মা যে দুৰ্বল মনৰ মানুহ সেয়া প্ৰমাণ কৰি থৈ গ’ল।‘

Related News