গোৱালপাৰা চিলাৰভিটাৰ খহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ
গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলাৰভিটা খহনীয়া স্থলীত আজি উপস্থিত হৈ অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই দহ দিনৰ ভিতৰত এটি ৰিং বান্ধ নিৰ্মাণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
জলেশ্বৰ সমষ্টিৰ চিলাৰভিটাত বিগত এমাহৰ পৰা ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰি আছে। আজিৰ তাৰিখত মথাউৰিটোৰ ওপৰৰ মূল অংশ ব্ৰহ্মপুত্ৰ নৈত জাহ গৈছে। যিকোনো মুহূৰ্ততে মথাউৰি ছিগি গৈ প্লাৱিত কৰিব পাৰে জলেশ্বৰ, গোৱালপাৰা পশ্চিম আৰু দক্ষিণ শালমাৰাৰ দুই শতাধিক গাঁও।
আজি গৰাখহনীয়া স্থলৰ ত্ৰাসিত ৰাইজৰ মাজত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত কয় যে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়-ববীয়া, বিধায়কসকল আৰু ৰাইজে আমাক সহায় সহযোগ কৰি আহিছে আৰু প্ৰকৃতিয়েও যদি সহায় কৰে তেন্তে অহা আঠৰ পৰা দহ দিনৰ ভিতৰতে ৰিং বান্ধটো নিৰ্মাণ কৰা হ’ব।
মূল মথাউৰিটো ছিগি যোৱাৰ পিছত ৰিং বান্ধ নিৰ্মাণ সম্ভৱ নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিতীয়বাৰ পানী বঢ়াৰ পূৰ্বেই ৰিংবান্ধ টো নিৰ্মাণ কৰা হ’ব।
তেওঁ লগতে কয় যে অসম চৰকাৰে মথাউৰিটো ৰক্ষাৰ্থে কেইমাহমান পূৰ্বে ধন আৱন্টন দিছিল আৰু তাৰ বাবেও কিছু অংশ ৰক্ষা পৰে।
মন্ত্ৰীজনৰ লগত আজি খহনীয়া স্থলত উপস্থিত আছিল গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা, জল সম্পদ বিভাগৰ অভিযন্তা, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্ৰী দাস, প্ৰাক্তন বিধায়ক আফতাব উদ্দিন মোল্লা, লক্ষীপুৰৰ ৰাজহ চক্ৰ বিষয়া ৰিপুণ জ্যোতি নাথ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি সকল।
ইফালে মথাউৰি ভয়াৱহতালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনেে নৈ পৰীয়া ৰাইজক সজাগ থাকিবলৈ নিৰ্দেশ দিছে।