NORTHEAST NOW (Assamese)

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

June 29, 2022 3:42 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে আজি মুকলিকৈ দেখা গ’ল মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাসক।

মা কামাখ্যা ধামলৈ যোৱাৰ সময়ত দুয়োজন মন্ত্ৰী-সাংসদে সংগ দিয়ে শিৱসেনাৰ বিসম্বাদী বিধায়কক।

চাৰ্টাৰ্ড বাছৰ একেবাৰে শেষৰ আসনত দেখা গৈছে মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাসক।

সন্ধিয়াৰ ভাগলৈ হোটেল ৰেডিছন ব্লু এৰিব একনাথ সিন্দে বাহিনীয়ে।

গুৱাহাটী বিমান বন্দৰৰ পৰা চাৰ্টাৰ্ড বিমানযোগে গোৱালৈ ৰাওনা হ’ব মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী দলটো। গোৱাৰ হোটেল তাজত থাকিব বিসম্বাদী বিধায়কৰ দলটো।

বিধায়কৰ দলটোৰ একেখন বাহনত মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাসকো দেখা পোৱা গৈছে।

উল্লেখযোগ্য যে বিসম্বাদী ৰাজনীতিৰ ফলশ্ৰুতিত ৰাজনৈতিক সংকটৰ সন্মুখীন হোৱা মহাৰাষ্ট্ৰত কাইলৈ অনুষ্ঠিত হ’ব আস্থা ভোট।

মহাৰাষ্ট্ৰ বিধানসভাত কাইলৈ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই।

তাৰ পূৰ্বে গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী বিধায়কৰ নেতা একনাথ সিন্দেই আজি পুৱাৰ ভাগত মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে।  

Related News