NORTHEAST NOW (Assamese)
অসম

চাপৰত মন্ত্ৰী ইউ জি ব্ৰহ্মৰ ছাডেন ভিজিট, সাম্ভাৱ্য বান পৰিস্থিতিৰ পৰ্যালোচনা

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ June 5, 2021 3:19 pm
ug

পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ -শালকোছাত কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই ছাৰ্ডেন ভিজিট কৰে ।

মন্ত্ৰী হিছাপে দায়িত্বভাৰ লোৱাৰ পিছত পোনপ্ৰথম বাৰ চাপৰ-শালকোছাৰ কেৱাটাও কামৰ বুজ ললে নৱ নিয়ুক্ত মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে চাপৰ থানাৰ অ্তৰ্গত শালকোছাৰ লালিয়া পাৰা , গৌৰাংটাৰী আদি অঞ্চলত কেৱাটাও কামৰ পৰ্য্যবেক্ষণ কৰাৰ লগতে বানপানীৰ সময়ত চাপৰ শালকোছাৰ বিভিন্ন অঞ্চল প্লাবিত হৈ স্থানীয় ৰাইজৰ হ’ব পৰা অসুবিধাৰ বিষয়ে আগতীয়াকৈ আলোচনা কৰে।

ৰাইজে যাতে কোনো ধৰণৰ অসুবিধা ভোগ কৰিব লগা নহয় তাৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা হব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।বিগত দিনত হোৱা উন্নয়নমূলক কামবোৰ কেনেদৰে সম্পূৰ্ণ হৈছে সেই সম্পৰ্কেও মন্ত্ৰী ব্ৰহ্মই বুজ লয়।

মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণ কালছোৱাত কেবাগৰাকীও বিষয়া-কৰ্মচাৰীয়ে সংগ দিয়ে।