NORTHEAST NOW (Assamese)

নাগা চূড়ান্ত চুক্তি এতিয়াও হোৱা নাই

October 31, 2019 9:00 pm · এন ই নাও নিউজ
Updated: October 31, 2019 9:17 pm
এন এচ চি এন (আই এম) প্ৰতিনিধি দলৰ সৈতে ৰাজ্যপাল ৰৱি। ছবি সৌজন্য-- টুইটাৰ।

নাগা চূড়ান্ত চুক্তি এতিয়াও হোৱা নাই, কেন্দ্ৰ-এন এচ চি এন (আই এম)ৰ বৃ্হস্পতিবাৰৰ বৈঠকৰ পিছতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ বিবৃতিত প্ৰকাশ।

বিবৃতিটোত কোৱা হৈছে, চূড়ান্ত চুক্তি হোৱা বুলি প্ৰকাশিত বাতৰিসমূহ “উৰাবাতৰি আৰু অশুদ্ধ”।

“ই দেশৰ কিছুমান অংশত উৎকণ্ঠা আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰিছে,” চূড়ান্ত চুক্তিৰ পূৰ্বে সকলো নাগা গোটৰ লগতে অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশকে ধৰি সকলো অংশীদাৰীৰে মত লোৱা হ’ব বুলি উল্লেখ কৰি বিবৃতিটোত প্ৰকাশ।

কেন্দ্ৰ-এন এচ চি এন (আই এম)ৰ বৃহস্পতিবাৰৰ বৈঠকৰ “ধনাত্মক” সামৰণি আৰু কেইবাদশকজোৰা আলোচনাটোৰ “সফল” সমাপ্তি ঘটা বুলি ইতিমধ্যে বাতৰি প্ৰকাশিত হৈছে।

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই ইয়াক “ঐতিহাসিক মুহূৰ্ত” আৰু “সকলো নাগা আৰু সামগ্ৰিকভাৱে জাতিটোৰ বাবে বিৰাট আনন্দৰ উপলক্ষ” বুলি মন্তব্য কৰিছে।

Related News