NORTHEAST NOW (Assamese)

হাইলাকান্দিত ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা; হত্যাকাৰী কিশোৰক গ্ৰেপ্তাৰ

February 16, 2022 2:35 pm · এন ই নাও নিউজ, গুৱাহাটী

এগৰাকী ৬ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগত হাইলাকান্দি আৰক্ষীয়ে এজন ১৫ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰিছে।

এই নৃশংস ঘটনা হাইলাকান্দি জিলাৰ চুলাৰানিচেৰা অঞ্চলত সংঘটিত হৈছে।

উত্থাপিত অভিযোগ অনুসৰি অভিযুক্ত কিশোৰটিয়ে নাবালিকা গৰাকীৰ সৈতে তীব্ৰ বাকবিতণ্ডাত লিপ্ত হয় আৰু ইয়াৰ পিছতে বনাঞ্চলৰ ভিতৰলৈ নি নাবালিকা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰে।

হত্যাৰ বলি হোৱা নাবালিকা গৰাকী ৯ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। তিনি দিনৰ অনুসন্ধানৰ পিছত নাবালিকা গৰাকী ৰ মৃতদেহ অৰণ্যৰ পৰা উদ্ধাৰ কৰা হয়।

মৃতদেহটো উদ্ধাৰৰ পিছত মৰণোত্তৰ পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

এই নৃশংস ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে অভিযুক্ত কিশোৰটিক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত কিশোৰ জনৰ পিতৃকো আৰক্ষীয়ে প্ৰমাণ ধ্বংসৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে কয়, “আমি এগৰাকী কিশোৰক এগৰাকী ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছো। আমি অভিযুক্তৰ দেউতাককো গ্ৰেপ্তাৰ কৰিছো। আমি সন্দেহ কৰোঁ যে কিশোৰটিৰ পিতৃয়ে এই ঘৃণনীয় অপৰাধৰ বিষয়ে জানিছিল আৰু প্ৰমাণধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। এই বিষয়ত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।”

Related News