NORTHEAST NOW (Assamese)
অসম

চিৰাঙত ধৰ্ষণ কৰি হত্যা নাবালিকাক, উদ্ধাৰ মৃতদেহ

Posted by: অৰুজ খুংগুৰ গয়াৰী March 15, 2019 2:20 pm
IMG_20190314_113309-750x375

চিৰাঙৰ ছিদলী আৰক্ষী থানাৰ অধীনত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ছিদলীৰ নুমলপুৰৰ ককাক-আইতাকৰ সৈতে থকা নাবালিকাগৰাকী বুধবাৰে সন্ধিয়াৰে পৰা ঘৰলৈ উভতি অহা নাছিল।

ছিদলীৰ বাসিন্দাসকলে তাইক বিচাৰি চাৰিওফালে চলাথ কৰিছিল যদিও তাইক ক’তো বিচাৰি পোৱা নাছিল।

বৃহস্পতিবাৰে পুৱা গাঁৱৰ এজন লোকে ছিদলী নদীৰ পাৰলৈ গৰু চৰাবলৈ যাওতে এটা সন্দেহজনক মৃতদেহ প্ৰত্যক্ষ কৰে। তেওঁ মৃতদেহটো নাবালিকাগৰাকীৰে হ’ব পাৰে বুলি সন্দেহ কৰি ততাতয়াকৈ আৰক্ষীক খৱৰ দিয়ে।

আৰক্ষী আৰু গাওঁবাসীয়ে মৃতদেহটো নাবালিকাৰ বুলি চিনাক্ত কৰে। উদ্ধাৰ কৰাৰ সময়ত নাবালিকাৰ গোপন অংগত আঘাতৰ চিন স্পষ্ট আছিল।

এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বিতং তদন্তৰ বাবে কেইজনমান সন্দেহযুক্তক আটক কৰি অনা হৈছে।

স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে নাবালিকাগৰাকীক বহু সময় ধৰি শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল আৰু ছিদলী ব্লক কাৰ্যালয়ৰ সমীপত কাম কৰি থকা শ্ৰমিকসকলে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীয়ে মৃতদেহটোৰ কাষত উদ্ধাৰ কৰা কাপোৰখিনি সেই অভিযুক্তৰ বুলি সন্দেহ কৰিছে। তালাচী অভিযানৰ বাবে স্নিফাৰ ড’গ লগোৱা হৈছে আৰু উদ্ধাৰ হোৱা প্ৰমাণসমূহ জিম্মাত ৰখা হৈছে।

চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে মৃত নাবালিকাগৰাকীৰ অভিভাৱকৰ আগত অভিযুক্তক আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

IMG_20190314_113258

পৰ্যটন আৰু ভৈয়াম জনজাতি তথা অন্যান্য পাছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই তেওঁৰ সমষ্টিতে সংঘটিত হোৱা ঘটনাটোৰ খৱৰ লোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। ব্ৰহ্মই পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকক ন্যায় প্ৰদানৰ   লগতে কঠোৰ শাস্তিৰ বাবে অপৰাধীক কৰায়ত্ত্ব কৰাত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।