NORTHEAST NOW (Assamese)

নিলৰ্জ্জ আৰক্ষী বিষয়া! ল’ক আপত যৌন নিৰ্যাতন কিশোৰীক, নগ্ন কৰি তুলিলে ছবি

June 29, 2023 11:12 am · এন ই নাও নিউজ, গুৱাহাটী

নলবাৰীৰ ঘগ্ৰাপাৰ থানাত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এক বিস্ফোৰক অভিযোগ।  

অভিযোগ অনুসৰি, ঘগ্ৰাপাৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক এগৰাকীয়ে লক-আপৰ ভিতৰতে আন আৰক্ষী বিষয়াৰ সন্মুখত এগৰাকী কিশোৰীক উলংগ কৰি ফটো তুলিছে।

ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা এফআইআৰ অনুসৰি ২০২৩ চনৰ ২৬ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, যোৱা ২১ জুনত ভুক্তভোগী ছোৱালীজনীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল। অৱশ্যে তেওঁলোকক আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ থানালৈ লৈ যায়। দুয়োকে সেই নিশা লকআপৰ ভিতৰতে ৰখা হয়।

“এছ আইয়ে মোক কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল, কিন্তু, মই অস্বীকাৰ কৰিলোঁ। তাৰ পিছত তেওঁ মোক ভাবুকি দিলে আৰু সেয়েহে মই ভয় খাই কাপোৰ খুলিলোঁ। এছ আইয়ে মোৰ উলংগ ছবি ক্লিক কৰি অশ্লীল ইংগিতেৰে মোক নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল। ৰাতিপুৱা মই এই বিষয়ে এগৰাকী মহিলা আৰক্ষীক জনাইছিলোঁ যদিও তেওঁ মোক মনে মনে থাকিবলৈ কৈছিল।’’ – অভিযোগ পত্ৰত এইদৰে কয় অভযোগকাৰী কিশোৰীগৰাকীয়ে।

ইয়াৰ পিছতে নলবাৰী থানাৰ ২৮৭/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪(খ)/৫০৯ আৰু POCSO আইনৰ আৰ/ডব্লিউ ধাৰা ১২/১৪(১)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সুধাকৰ সিঙক অৱগত কৰা হৈছে।

আনহাতে, অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

ইফালে কিশোৰীগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰিছে আৰক্ষীয়ে।

ইয়াৰ উপৰিও বুধবাৰে আদালতৰ সন্মুখত ভুক্তভোগী ছোৱালীজনীৰ বক্তব্যও লিপিবদ্ধ কৰা হয়।

Related News