NORTHEAST NOW (Assamese)
অসম

নিয়োগত অনিয়ম; কলিয়াবৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা September 30, 2019 5:54 pm
Screenshot_20190930-164235_Video Player

কলিয়াবৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জীৱিকা-সখি নিয়োগত অনিয়মৰ অভিযোগ তুলি অঞ্চলটোৰ অৰ্ধ-শতাধিক মহিলাই কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে কাৰ্যালয়টোৱে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি যতিন বৰাৰ পত্নী ববী বৰাক জীৱিকা-সখী হিচাপে আমদানি কৰি চিকনি গাঁও পঞ্চায়তত নিযুক্তি দিয়াৰ সমান্তৰালকৈ অগপ দলৰ নেতাৰ পত্নী পাপৰি মহন্তক হাটবৰ গাঁও পঞ্চায়তত নিযুক্তি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনা।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত জীৱিকা-সখী পদত স্থানীয় পঞ্চায়তৰ প্ৰাৰ্থী নিযুক্তি দিয়াৰ বিপৰীতে অন্য পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবেই হাটবৰ আৰু চিকনি গাওঁ পঞ্চায়তৰ আত্ম সহায়ক গোটৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

দুয়োটা গাঁও পঞ্চায়তত উপযুক্ত প্ৰাৰ্থী থকাৰ পিছতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কলিয়াবৰ খণ্ড অভিযান পৰিচালক আৰু কলিয়াবৰ উন্নয়ন খণ্ড উন্নয়ন বিষয়াই নীতি বহিৰ্ভূতভাৱে জীৱিকা-সখীৰ পদত কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ পত্নী আৰু অগপ দলৰ নেতাৰ পত্নীক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে কলিয়াবৰত।