NORTHEAST NOW (Assamese)
অসম

বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানৰ সময়ত প্ৰধান শিক্ষয়িত্ৰীক শাৰীৰিকভাৱে অপদস্ত দুৰ্বৃত্তৰ

Posted by: ৰাহুল চক্ৰবৰ্তী August 29, 2018 5:44 pm
IMG-20180829-WA0013

হাইলাকান্দি জিলাত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানৰ সময়ত দুৰ্বৃত্তই আক্ৰমণ কৰি আহত কৰাৰ বাতৰি পোৱা গৈছে। মঙলবাৰে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা শিক্ষয়িত্ৰীগৰাকী হৈছে নয়নপুৰ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী  জয়া দাস।

আহত জয়া দাসক এছকে ৰয় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত আলগাপুৰ প্ৰাথমিক স্বাস্থকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে চিকিৎসালয়লৈ আহি শিক্ষয়িত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালক ড০ অভিজিৎ বসুৱে ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানত শিক্ষক সমাজৰ সহযোগিতা বিচাৰি আৱেদন জনায়। তেওঁ কয় যে স্বাস্থ্য বিভাগে প্ৰধান শিক্ষয়িত্ৰীগৰাকীলৈ তেওঁ সুস্থ নোহোৱা পৰ্যন্ত সকলো প্ৰয়োজনীয় চিকিৎসাসেৱা প্ৰদান কৰিব।

উল্লেখ্য যে বাওলিপাৰ মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানৰ সময়ত এগৰাকী ১০বছৰীয়া ছাত্ৰী অজ্ঞান হৈ পৰাৰ বাবে এই আক্ৰমণৰ ঘটনাৰ সূত্ৰপাত হৈছিল। পাছত অজ্ঞান হৈ পৰা ছাত্ৰীগৰাকী দুৰ্বল আৰু জ্বৰত ভুগি থকা বুলি পৰীক্ষাত ধৰা পৰিছিল।  ডিষ্ট্ৰিক্ট ইম্যুনাইজেশ্যন অফিচাৰ ড০ কে থাম্বালাছেনাই বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানত জড়িত  এএনএমসকলক জনাই দিছে যে জ্বৰত আক্ৰান্ত, খালি পেটে থকা বা দুৰ্বল কোনো শিশুকে যাতে প্ৰতিষেধক ছিটা প্ৰদান কৰা নহয়। প্ৰতিষেধক প্ৰদান কৰা ঠাইখনি মুকলি জনসমাগম নোহোৱা হোৱাৰ ক্ষেত্ৰতো বিষয়াগৰাকীয়ে জোৰ দিছে।

বসন্ত-ৰুবেলাৰ প্ৰতিষেধক বিভিন্ন বিদ্যালয়ত সুকলমে সম্পন্ন হৈ আছে বুলি জানিব পৰা গৈছে।