NORTHEAST NOW (Assamese)

বৰপেটাৰ কেওঁটকুছিৰ ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ

October 9, 2019 8:42 pm · পুলেন্দ্ৰ দাস

ধন ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজালৈ মাজত মাথো তিনি দিন বাকী থকা অৱস্থাত ঐতিহ্যমণ্ডিত কেওঁটকুছিৰ লক্ষ্মী মন্দিৰত সংঘটিত হ’ল অঘটন ৷

বৰপেটা চহৰৰ সমীপৰ কেওঁটকুছিৰ লক্ষ্মী মন্দিৰত যোৱা নিশা এটা দুৰ্বৃত্তই প্ৰৱেশ কৰি লক্ষ্মী দেৱীৰ মূৰ্তিত থকা সোণ-ৰূপৰ আ-অলংকাৰ লুটৰ অপচেষ্টা চলায় ৷ দুৰ্বৃত্তটোৱে মন্দিৰৰ ভিতৰত থকা লক্ষ্মী দেৱীৰ মূৰ্তি ভাঙি ক্ষতিসাধনো কৰে ৷

পিছত স্থানীয় ৰাইজে মন্দিৰৰ চুকত লুকাই থকা অৱস্থাত দুৰ্বৃত্তটোক আটক কৰে ৷ দুৰ্বৃত্তটো ভেল্লাৰ সমীপৰ শান্তিপুৰ গাঁৱৰ ৰফিকুল আলী বুলি চিনাক্ত কৰা হৈছে ৷

পিছত স্থানীয় বৰপেটা আৰক্ষীয়ে ঘটনা সম্পৰ্কত অৱগত হোৱাত ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তটোক কৰায়ত্ত কৰাৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰে।

ইফালে মন্দিৰৰ বয়বস্তু লণ্ডভণ্ড কৰি এনেদৰে বিনষ্ট কৰা কাৰ্যক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা দিছে।

Related News