NORTHEAST NOW (Assamese)

কৰ্তব্যৰত আৰক্ষীক ‘কিডনেপ’ কৰি ৰাস্তাত পেলাই থৈ গ’ল দুৰ্বৃত্তই; কাঢ়ি নিলে পিষ্টল

October 23, 2020 12:40 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

সাধাৰণ জনতাৰ বাবে সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা খোদ আৰক্ষীৰ লোকেই এতিয়া সুৰক্ষিত নহয় এইখন ভাৰতত।

দেশৰ ৰাজধানী দিল্লীত এনে এক ঘটনা সংঘটিত হৈছে যিটোয়ে দেশৰ সাধাৰণ জনতাক হতভম্ব কৰি তুলিছে।

দুদিন পূৰ্বে দিল্লী আৰক্ষীৰ এজন জোৱানৰ অপহৰণ হয়। কাশ্মীৰী গেটত নিয়োজিত হৈ আছিল চিপাহীজন।

ডিউটি কৰি থাকোতেই এটা দুৰ্বৃত্তৰ দলে চিপাহীজনক এখন বাছত ভৰাই লৈ যায়।

দুৰ্বৃত্তৰ দলটোৱে চিপাহীজনৰ সৈতে মাৰপিট কৰাৰ লগতে তেওঁৰ পিষ্টলটো আৰু অন্য কিছু সামগ্ৰী কাঢ়ি লৈ যায়।

চিপাহীজনক পিছত উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত বাছৰ পৰা পেলাই দিয়ে। লগে লগে চিপাহীজনে ওচৰৰে থানাত উপস্থিত হৈ ঘটনাৰ সবিশেষ নিজৰ বিষয়াক অৱগত কৰায়।

বৰ্তমান দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে যদিও অপহৰণকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হোৱা নাই।

এই ঘটনাৰ ভুক্তভোগী চিপাহী শচীনে জানিব দি কয় যে ডিউটি কৰি থকাৰ সময়ত এখন বাছৰ ভিতৰৰ পৰা এগৰাকী মহিলাই চিঞৰ বাখৰ কৰা শুনি মই বাছখনৰ ভিতৰলৈ গৈছিলো।

কিন্তু বাছখনৰ ভিতৰত যে দুৰ্বৃত্তৰ দলটো আছিল সেই কথা জনা নাছিল চিপাহী শচীনে।

Related News