NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলিত বাইকত অহা দুৰ্বৃত্তই লুটিলে সোণসহ নগদ ১৬ হাজাৰ টকা

Posted by: কাজি জেইদুল ইছলাম September 7, 2018 11:40 pm
চুৰিকাণ্ড

বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট পথত আজি লুটপাতৰ ঘটনা সংঘটিত হয়। সন্ধিয়া প্ৰায় ৮:৩০ মান বজাত বিশ্বনাথ চাৰিআলিৰ মূখ্য ডাকঘৰৰ সমীপত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে বিশ্বনাথ চাৰিআলিস্থিত ‘দে’ জুৱেলাৰী’ৰ স্বত্বাধিকাৰী পিন্টু  লাল দে’ই দোকান বন্ধ কৰি ঘৰ অভিমুখে ৰাওনা হওঁতে বাইকত অহা দুই অচিনাক্ত যুৱকে পহিলাতে পিন্টু দেৰ বাইকত খুন্দা মাৰে। ফলত তেওঁ ৰাজপথত ওলোটি খাই পৰাৰ সুযোগ লৈ তেওঁৰ বাইকখনত থকা বেগটো লৈ দুই দুৰ্বৃত্ত তাৰ পৰা উধাও হয়।

দুৰ্বৃত্তৰ পৰিকল্পনা বিষয়ে ব্যৱসায়জনে জনোৱা মতে অচিনাক্ত দুৰ্বৃত্ত দুজন পালচাৰ বাইকত আহিছিল। পিছত উক্ত ঘটনাটোক কেন্দ্ৰ কৰি ঠাইখিনিত হুৱা দুৱা লগাত বিশ্বনাথ চাৰিআলিৰ আৰক্ষী উপস্থিত হয়।

আনহাতে, ব্যৱসায়ীজনে অৱগত কৰা অনুসৰি লুট কৰি নিয়া বেগটোত ৯ তোলা সোণ আৰু নগদ ১৬ হাজাৰ টকা আছিল।  ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে দুৰ্বৃত্তক আটক কৰিব পৰা নাই।