NORTHEAST NOW (Assamese)
অসম

চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নি সংযোগ

Posted by: বিদ্যুৎ জ্যোতি বৰা November 24, 2018 8:19 pm

নগাঁও জিলাৰ চামগুৰি সমষ্টি অধীনৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি আৰু কনুৱামাৰীত শুকুৰবাৰে অৰ্থাৎ ২৩ নৱেম্বৰৰ নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই কংগ্ৰেছ দলৰ দুটাকৈ নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা প্ৰায় দুই বজাত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে স্থাপন কৰা সোনাৰিবালিৰ অগ্নি নিৰ্বাপন কাৰ্যালয়ৰ সন্মুখৰ কাৰ্যালয় আৰু কনুৱামাৰী তিনিআলিত অস্থায়ীভাৱে স্থাপন কৰা দুটাকৈ নিৰ্বাচনী কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে। ফলত কাৰ্যালয় কেইটা অগ্নিকাণ্ডত ক্ষতি হয়।

পৰৱৰ্তী সময়ত চামগুৰি থানাৰ তহলদাৰী এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম নহ’ল।

আনহাতে এই ঘটনাত কোনো ৰাজনৈতিক দলৰ সদস্য জড়িত থাকিব পাৰে বুলি স্থানীয়একাংশ কংগ্ৰেছ কৰ্মীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে আজি এই ঘটনা সন্দৰ্ভত কনুৱামাৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছী নেতা ছৰিফুল ইছ্লামে চামগুৰি থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।