NORTHEAST NOW (Assamese)
অসম

শ্বিলঙৰ এফ চি আই গুডামৰ সমীপত দুৰ্বৃত্তৰ অগ্নি সংযোগ; ট্ৰাক ভস্মীভূত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2019 11:32 am

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মাউৰহত থকা এফ চি আই গুডামৰ সমীপত ৰখাই থোৱা ৩খনকৈ ট্ৰাকত কালি মাজনিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে।

প্ৰাপ্ত তথ্য মতে নিশা প্ৰায় ১২ বজাত সংঘটিত উক্ত কাণ্ডত এখন ট্ৰাক সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আন দুখন ট্ৰাকৰ আংশিক ক্ষতি সাধন হয়।

ঘটনাৰ খবৰ পাই আৰক্ষীৰ লোক ঘটনাস্থলীত তৎক্ষণাৎ উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰে বুলি পূব খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক ক্ল’ডিয়া লিংৱাই জানিবলৈ দিয়ে।

এই সম্পৰ্কত যোগাযোগ কৰাত নৰ্থ-ইষ্ট নাওৰ আগত তেওঁ দোষীক বিচাৰি অভিযান চলাই থকা হৈছে বুলি উল্লেখ কৰি কয়, ‘সেই সময়ত বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ থকাৰ সুযোগ গ্ৰহণ কৰিয়ে হয়টো দুৰ্বৃত্তৰ দলে এই কাণ্ড সংঘটিত কৰে।‘

যথাসময়য়ত আৰক্ষী ঘটনাস্থলীত গৈ নোপোৱা হ’লে ঠাইখিনিত থকা বিল্ডিং সমূহলৈ জুই বিয়পি পৰিলে হয় বুলি তেওঁ কয়।

‘আৰক্ষীৰ ফালৰ পৰা ট্ৰাকচাসকলক ট্ৰাকৰ পৰা মাল নমোৱাৰ পিছত তেওঁলোকৰ ট্ৰাকসমূহ পথৰ দাঁতিৰ পৰা আঁতৰাই নিবৰ বাবে বহু দিনৰ পৰা কৈ অহাৰ পিছতো ট্ৰাকচালক সকলে আমাৰ আহ্বানৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই’ তেওঁ কয়।