NORTHEAST NOW (Assamese)

ISKCON temple attacked বিজয়া দশমীৰ দিনা বাংলাদেশৰ নোয়াখালিৰ ইছকন মন্দিৰত দুস্কৃতিকাৰীৰ আক্ৰমণ; ভক্তক হত্যা

October 16, 2021 9:21 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 16, 2021 9:25 am
ফটো: টুইটাৰ।

ISKCON temple attacked in Bangladeshবিজয়া দশমীৰ দিনা বাংলাদেশৰ মন্দিৰত পুনৰ আক্ৰমণ চলোৱাৰ এক ঘটনা সংঘটিত হৈছে। বাংলাদেশৰ নোয়াখালিত থকা ইছকন মন্দিৰত শুকুৰবাৰে দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলায়।

ইছকনৰ ফালৰ পৰা জানিব দিয়া মতে মন্দিৰৰ কিছুমান সা-সামগ্ৰী জ্বলাই দিয়াৰ অভিযোগ কৰা হৈছে। তদুপৰি, মন্দিৰত থকা ভক্তক প্ৰহাৰ কৰা বুলিও অভিযোগ কৰা হৈছে।

বাতৰি অনুসৰি, নোয়াখালিৰ চৌমুহনীত প্ৰায় ২০০জন দুস্কৃতিকাৰীৰ এটা দলে মন্দিৰত আক্ৰমণ চলায়। দেশখনৰ ক্ষমতাত থকা আৱামী লীগৰ নেতাই এই আক্ৰমণৰ নেতৃত্ব দিয়া বুলি কোৱা হৈছে।

আক্ৰমণৰ ঘটনাত পাৰ্থ দাস নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, বাংলাদেশৰ বিভিন্ন স্থানত মন্দিৰ তথা মণ্ডপত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত চট্টগ্ৰামত বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ঐক্য পৰিষদে ধৰ্মঘটৰ আহ্বান জনাইছে।

ইছকনৰ ফালৰ পৰা কৰা টুইটত কোৱা হৈছে,’’ বাংলাদেশৰ নোয়াখালিত ইছকন মন্দিৰ তথা ভক্তৰ ওপৰত এক হিংসাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হয়। আক্ৰমণৰ ফলত মন্দিৰৰ ক্ষতি হোৱাৰ লগতে এজন ভক্তক নৃশংসভাৱে হত্যা কৰা হৈছে।‘’

উল্লেখযোগ্য যে অষ্টমীৰ দিনা কুমিল্লাৰ বহ পূজা মণ্ডপ, মন্দিৰ তথা মূৰ্তি ভাঙি পেলোৱাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘিটত হৈছিল। তাৰপাছতে বাংলাদেশৰ ২২খন জিলাত বিজিবি বাহিনী মোতায়েন কৰা হয়।

কুমিল্লাৰ ঘটনাত বহুকেইজনক আটক কৰা হৈছে। দেশখনত শেহতীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষ তথা আৰক্ষীৰ গুলীত ৪জন লোক নিহত হৈছে।       

Related News