NORTHEAST NOW (Assamese)
Popular Stories

‘বাঙালীৰ বাবে মিঠাই অপৰিহাৰ্য’, মমতালৈ আহ্বান দৈনিক খোলা ৰাখক মিঠাইৰ দোকান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 5:12 pm
1index

বাঙালীৰসকলৰ জীৱন যাত্ৰাত মিঠাই অতি অপৰিহাৰ্য।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন অব্যাহত থকাৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেৰ্নাজীক দৈনিক অন্ততঃ ৪ ঘণ্টা হ’লেও মিঠাইৰ দোকান খোলা ৰাখিবলৈ আহ্বান জনাইছে বাঙালীসকলে।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই পশ্চিৰবংগৰ তৃৰ্ণমূল কংগ্ৰেছৰ চৰকাৰে দৈনিক ৪ ঘণ্টা মিঠাই দোকান খোলা ৰাখিবলৈ অনুমতিও প্ৰদান কৰিছে।

উল্লেখ্য দৈনিক দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈকে পশ্চিমবংগত মিঠাই দোকান খোলা থাকিব। অৱেশ্যে দোকানত ন্যূনতম কৰ্মচাৰীহে ৰাখিব পাৰিব দোকানৰ মালিকে।

ইফালে মিঠাই প্ৰস্তুতকাৰীসকলে মুখ্যমন্ত্ৰী মমতা বেৰ্নাজীলৈ আবেদন জনাইছে যে মিঠাইৰ চাহিদা থকা হোটেল ৰেষ্টুৰেণ্টো খোলাৰ অনুমতি প্ৰদান কৰিব লাগে। কাৰণ তেওঁলোকে সেইবোৰলৈ মিঠাইৰ যোগান ধৰে।

পশ্চিমবংগ মিষ্টানানা ব্যৱসায়ী সমিতিয়ে (যিখন সমিতি ১০ হাজাৰ সদস্য আছে) ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ এই সম্পৰ্কে ইমেইল যোগে এক পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে পশ্চিমবংগ চৰকাৰে দৈনিক ৪ ঘণ্টাকৈ মিঠাইৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিলেও সমিতিখনে নিৰ্ধাৰিত সময়ক লৈ সুখী হোৱা নাই।

তেওঁলোকৰ মতে মিঠাই যিহেতু বাঙালীসকলৰ জীৱন যাত্ৰাৰ অভিন্ন তথা অপৰিহাৰ্য অংগ সেয়ে এই নিৰ্ধাৰিত ৪ ঘণ্টাই পৰ্যাপ্ত সময় নহয়। যাৰ ফলত বৃহৎ অংশ বাঙালীৰ বাবে মিঠাই উপলব্ধ হোৱা নাই।্ৰ