NORTHEAST NOW (Assamese)

নামানে বিধেয়ক, মোদীকে চিধা জনাই দিলে মিজোৰাম বিজেপিয়ে

January 13, 2019 5:47 pm · এন ই নাও নিউজ
বিজেপিৰ প্ৰতীক। ফাইল ছবি।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধক বিজেপিয়ে বুঢ়া আঙুলি দেখুওৱাৰ বিপৰীতে দলটোৰ মিজোৰাম প্ৰদেশে এইক্ষেত্ৰত স্পষ্ট বিৰোধিতা চিধা জনাই দিছে খোদ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

বিধেয়কখন আইনত পৰিণত হ’লে বিদেশী স্বদেশী হৈ মিজোসকলৰ ক্ষতি কৰিব বুলিহে বিশ্বাস মিজোৰাম বিজেপিৰ। “মিজো ৰাইজৰ বাবে ই ক্ষতিকাৰক হ’ব। আমি বিধেয়কখন গ্ৰহণৰ বিৰোধিতা কৰিছো আৰু আমাৰ স্থিতি একে থাকিব,” ৰাজ্যিক বিজেপি সভাপতি জন ভি লুনাৰ উদ্ধৃতিৰে এই সংবাদ টাইমছ অৱ ইন্দিয়া-ৰ।

বিজেপি নেতাসকলে অসমবাসীক দিয়া বুজনিৰ বিপৰীত উপলব্ধিৰে লোৱা এই দৃঢ় স্থিতি মোদীক পত্ৰযোগে জনোৱাৰ লগতে এই বিষয়ত শীৰ্ষ নেতাক লগ কৰিবলৈ নতুন দিল্লীত বাহৰ পাতিছে মিজো নেতাজনে।

মিজোৰামৰ শাসকীয় দল তথা বিজেপি মিত্ৰ এম এন এফ-এ ইতিমধ্যে বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰিছে। উত্তৰ-পূবত বিজেপি গঠিত নেদা (NEDA)ত বিধেয়ক পৰৱৰ্তী সময়ত থকা নথকা সন্দৰ্ভতো বিবেচনা কৰিবলৈ আগবাঢ়িছে মিজোৰামৰ মুখ্য মন্ত্ৰী জ’ৰাম থাংগা।

এম এন এফৰ সৈতে অনুৰূপ স্থিতি লৈছে মেঘালয়ৰ শাসনাধীন বিজেপি মিত্ৰ এন পি পিও। কনৰাদ চাংমা কেবিনেটে বিধেয়কৰ বিৰোধিতাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে।

একেদৰেই বিধেয়ক বিৰোধী কেবিনেট সিদ্ধান্ত লৈছে নাগালেন্দৰ বিজেপি মিত্ৰ এন দি পি পি চৰকাৰে।

মণিপুৰৰ বিজেপি মুখ্য মন্ত্ৰী বীৰেন সিঙে আকৌ নাগৰিকত্ব আইনৰ আওতাৰ পৰাই ৰাজ্যখনক বাহিৰত ৰাখিবলৈ শীৰ্ষ নেতৃত্ব তথা কেন্দ্ৰক আহ্বান জনাইছে।

বিধেয়কক লৈ অগপই অসমত বিজেপিৰ লগ এৰিছে।

Related News