NORTHEAST NOW (Assamese)

কৰ’না মুক্ত ৰাজ্য হৈ পৰিল মিজোৰাম; আক্ৰান্ত একমাত্ৰ ৰোগীজনো হৈ উঠিল সুস্থ

May 10, 2020 7:52 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

উত্তৰ-পূৰ্বাঞ্চলৰ আৰু এখন ৰাজ্য মিজোৰাম কৰ’না ভাইৰাছৰ পৰা মুক্ত হৈ পৰিল। ৰাজ্যখনৰ একমাত্ৰ কৰ’না পজিটিভ ৰোগীজনো সুস্থ হৈ উঠিছে।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে কৰ’না আক্ৰান্ত ৰোগীজন এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

মিজোৰাম এতিয়া মণিপুৰ, ছিকিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ দৰে কৰ’না মুক্ত ৰাজ্য হৈ পৰিল।

শনিবাৰে মিজোৰমাৰ স্বাস্থ্য মন্ত্ৰী ডাঃ আৰু লালথংগলিয়ানাই কয় যে ৰাজ্যৰ একমাত্ৰ কৰ’না আক্ৰান্ত ৰোগীজন সুস্থ হৈ উঠিছে।

শনিবাৰে দুপৰীয়া ৰোগীজনক জোৰাম মেডিকেল কলেজ হাস্পাতলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

আক্ৰান্ত ৰোগীজন ৪৫দিন ধৰি চলা চিকিৎসাৰ অন্তত এতিয়া সম্পূৰ্ণ সুস্থ।

ৰোগীজনক এটাৰ পাছত এটাকৈ ৪বাৰ টেষ্ট কৰা হৈছিল আৰু আটাইকেইটা টেষ্টতে নিগেটিভ অহাৰ পাছত হাস্পাতলৰ পৰা ৰিলিজ কৰা হয়।

সুস্থ হৈ উঠা মিজোৰামৰ ৰোগীজন যাজক আছিল আৰু মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জাত কাম কৰিছিল।

উচ্চ শিক্ষাৰ বাবে আমষ্টাৰ্ডামলৈ যোৱা তেওঁ যোৱা ১৬ মাৰ্চত মিজোৰামলৈ উভতি আহিছিল।

২৪ মাৰ্চত তেওঁৰ দেহত কৰ’না পজিটিভ ধৰা পোৱাৰ পাছত ততাতয়াকৈ হাস্পাতলত ভৰ্তি কৰা হয়।

যাজকজনৰ পত্নী আৰু সন্তানৰ কৰ’না নিগেটিভ পোৱাৰ পাছত পূৰ্বেই হাস্পাতলৰ পৰা ৰিলিজ কৰি দিয়া হৈছিল।

মিজোৰামৰ এই ৰোগীজন কৰ’না মুক্ত হোৱাৰ পাছত এতিয়া ১৪দিনৰ বাবে কোৱাৰেন্টাইনত থাকিব লাগিব।

Related News