NORTHEAST NOW (Assamese)
অসম

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2021 2:33 pm

অসম ৰাইফলছৰ এটা দলে বুধবাৰে ৰাতিপুৱা মিজোৰামৰ জেমাৱক আইজলৰ পৰা বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰীসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ স৭ম হয়।

সৰবৰাহকাৰী দুজনৰ পৰা ৪২ লাখ টকাতকৈও অধিক মূল্যৰ হেৰোইন, ১২ লাখ ৫০ হাজাৰ টকাৰ বিদেশী চিগাৰেট আৰু ৩৬ হাজাৰ টকা মূল্যৰ বিয়েৰ জব্দ কৰে।

জব্দ কৰা হেৰোইনৰ ওজন প্ৰায় ১০৭ গ্ৰাম।

ফটো : নৰ্থ-ইষ্ট নাও

অন্যহাতে, অভিযানকাৰী দলটোৱে ৫০ পেকেট বিদেশী চিগাৰেট আৰু ৭২ টা কেন বিয়েৰ জব্দ কৰে।

অসম ৰাইফলছ আৰু আবকাৰী আৰু নাৰ্কষ্টিকচ বিভাগ, আইজলৰ এটা যুটীয়া দলে এই অভিযানটো চলাইছিল।

“মিজোৰাম তথা ভাৰত-ম্যানমাৰ সীমান্তত চলি থকা এই ড্ৰাগছৰ ব্যৱসায় উদ্বেগৰ এক মুখ্য কাৰণ’, অসম ৰাইফলছে এক বিবৃতিত কয়।