NORTHEAST NOW (Assamese)
অসম

১৫ লাখ টকাৰ টোপ! কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ ১০০ কোটি টকাৰ মানহানি গোচৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী April 29, 2022 7:37 pm

বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ নতুন আইনী বিপদ।

আইনী ৰোষত পৰিব নেকি কৰিমুদ্দিন বৰভূঞা?

কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ।

আদালতত গোচৰ তৰিলে বিধায়ক অখিল গগৈয়ে।

এআইইউডিএফৰ বিধায়কগৰাকীৰ বিৰুদ্ধে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত গোচৰ দাখিল কৰিলে বিধায়ক অখিল গগৈয়ে।

যোৱা ২৮ এপ্ৰিলৰ দিনা আদালতত গোচৰ দাখিল কৰিলে বিধায়ক অখিল গগৈয়ে।

এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঁঞাই অখিল গগৈ বিৰুদ্ধে মিছা অপবাদ দিছিল বুলি অভিযোগ কৰিছে অখিল গগৈয়ে।

বিজেপিৰ বিধায়ক মানৱ ডেকাৰ পৰা ৰাজ্য সভাৰ নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে ১৫ লাখ টকাৰ টোপোলা অনা বুলি গুৰুতৰ অভিযোগ তুলিছিল বিধায়ক কৰিমুদ্দিন বৰভূঞাই।

আনকি এটা ব্যক্তিগত টেলিভিচন চেনেলত কৰিমুদ্দিন বৰভূঁঞাই অখিল গগৈক লাইন ডিটেক্টৰ সন্মুখীন হবলৈ যি প্ৰত্যাহ্বান জনাইছিল সেই প্ৰত্যাহ্বান গ্ৰহণ কৰা পিছতো কৰিমুদ্দিন বৰভূঁঞাই লাই ডিটেক্টৰৰ ব্যৱস্থা কৰিব নোৱাৰিলে বুলি উল্লেখ কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই।

ইপিনে, এই সম্পৰ্কত শিৱসাগৰত বিধায়ক অখিল গগৈয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কৰিমুদ্দিন বৰভূঞাৰ বক্তব্যই ৰাইজৰ দলৰ লগতে বিধায়ক অখিল গগৈৰ মানহানি কৰিছে বুলি দাবী কৰে বিধায়ক অখিল গগৈয়ে। সেয়েহে আদালতৰ দ্বাৰস্থ হোৱা বুলি উল্লেখ কৰে অখিল গগৈয়ে।

এতিয়া আইনৰ দৃষ্টিত কোন দোষী সাব্যস্ত হয় আৰু বিধায়ক কৰিমুদ্দিন বৰভূঞা এই আইনী গোচৰৰ কেনেদৰে সন্মুখীন হয় সেয়া সময়ত লক্ষ্যণীয় হ’ব।