NORTHEAST NOW (Assamese)
দেশ

পাটিয়ালাৰ সংঘৰ্ষ: পঞ্জাৱ গোটৰ সভাপতিক বহিষ্কাৰ কৰিলে শিৱ সেনাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 29, 2022 7:38 pm
Patiala clash

আজি দুপৰীয়া পঞ্জাৱৰ পাটিয়ালাত হোৱা শিৱ সেনা-শিখ গোটৰ সংঘৰ্ষৰ পাছতে শিৱসেনাই পঞ্জাৱ গোটৰ কাৰ্যকৰী সভাপতি হৰিশ চিংলাক দলৰ পৰা বহিষ্কাৰ কৰে।

এক বিবৃতি জাৰি কৰি শিৱসেনাই কয় যে পঞ্জাৱ শিৱসেনাৰ কাৰ্যকৰী সভাপতি হৰিশ চিংলাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। উল্লেখ্য যে চিংলাই পাটিয়ালাত হোৱা খালিস্তানী গোট বিৰোধী সমদলটোৰ নেতৃত্ব দিছিল।

চিংলাৰ লগতে সংঘৰ্ষত লিপ্ত হোৱা দলৰ আন কেইবাজনো সদস্যক শিৱসেনাই দলৰ পৰা নিলম্বিত কৰিছে।

উল্লেখ্য যে শিৱসেনাই অঞ্চলটোত উলিওৱা খালিস্তানি গোট বিৰোধী সমদলৰ সময়তে সংঘৰ্ষ সংঘটিত হৈছিল।

সমদলটোত ভাগ লোৱা শিৱসেনাৰ কৰ্মীসকলে খলিস্তান মুৰ্দাবাদ শ্ল’গান দিয়াৰ পিছতে শিখ সংগঠনৰ বহু সদস্যই তৰোৱালসহ ৰাজপথলৈ ওলাই আহে। দুয়োটা গোটৰ মাজত শিলেৰে আক্ৰমণ আৰম্ভ কৰাৰ লগে লগে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে তেওঁ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিছে।

পঞ্জাৱত শান্তি আৰু সম্প্ৰীতি ভংগ কৰি বিশৃংখল অৱস্থাৰ সৃষ্টি কৰিবলৈ কাকো অনুমতি দিয়া নহ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইফালে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শিৱসেনাই কোনোধৰণৰ আগতীয়া অনুমতি অবিহনে এই সমদল বাহিৰ কৰিছিল।

উল্লেখযোগ্য যে বৰ্তমান শিৱসেনা হৈছে দেশৰ অন্যতম এটা বিজেপি বিৰোধী শক্তি। মহাৰাষ্ট্ৰৰ শাসনাধীষ্ঠ দলটোৱে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ স’তে হাত মিলাই আহিছে।

আনহাতে সংঘৰ্ষটো সংঘটিত হোৱা পঞ্জাৱত আন এটা শক্তিশালী বিজেপি বিৰোধী দল আম আদমী পাৰ্টিৰ শাসন চলি আছে। তেনে পৰিস্থিতিত পাটিয়ালা চহৰৰ এই সংঘৰ্ষটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।