NORTHEAST NOW (Assamese)

GMCHত অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলা নাই; আৰু কি ক’লে অখিল গগৈৰ অধিবক্তাই?

May 25, 2021 6:45 pm · কল্পজ্যোতি শইকীয়া

কালি বিধানসভাৰ পবিত্ৰ সদনৰ গৰিমা ম্লান কৰি এগৰাকী জনপ্ৰতিনিধি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক মানসিক ৰোগী সজাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তাৰ পাছতে সৰ্বত্ৰে একপ্ৰকাৰৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু সকলোৱে একেমুখে মুখ্যমন্ত্ৰীক কটাক্ষ কৰাৰ লগতে গৰিহণাও দিছিল।

ইপিনে, অখিল গগৈক কেন্দ্ৰ কৰি সদনত বক্তব্য ৰখাৰ পাছতে GMCHত অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলা নাই বুলি দাবী কৰে তেওঁৰ অধিবক্তা কৃষ্ণ গগৈয়ে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত অখিল গগৈৰ অধিবক্তাই কয় ‘যোৱাবছৰ কোভিডৰ সময়তে অখিল গগৈক কাৰাগাৰৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ অনা হৈছিল আৰু তাৰ পাছৰ পৰা বিভিন্ন বেমাৰত ভুগি থকা কাৰণে তেওঁক মেডিকেলতে ৰাখিবলগীয়া হৈছে।‘

‘অখিল গগৈৰ চিকিৎসাৰ প্ৰতিবেদন সময়ে সময়ে জেইল কতৃপক্ষই আদালতত দাখিল কৰি আহিছে। সেই মেডিকেল প্ৰতিবেদনত অখিল গগৈ মানসিক ৰোগী বুলি কোনোদিনে পোৱা নাই। তেওঁৰ স্লীপডিস্ক হৈছে বুলিহে জানিব পাৰিছো।‘ কৃষ্ণ গগৈয়ে এইদৰে কয়।

ইপিনে, যদিও এগৰাকী ৰোগী মানসিক ৰোগীও হয়, তেন্তে মেডিকেল হেল্থ কেয়াৰ আইনৰ মতে মানুহজনৰ সন্মতি অবিহনে কোনেও তেওঁৰ সেই বিষয়টো প্ৰচাৰ মাধ্যমত বা ৰাজহুৱা স্থানত বা টেলিভিছনৰ আগত উল্লেখ কৰিব নোৱাৰিব বুলিও কৃষ্ণ গগৈয়ে সদৰী কৰে।

‘যদি আইন উলংঘন কৰি কয় তেওঁৰ ৬ মাহৰ পৰা ২ বছৰ পৰ্য্ন্ত জেইল অথবা জৰিমনা হ’ব পাৰে।‘ কৃষ্ণ গগৈয়ে কয়।

Related News