NORTHEAST NOW (Assamese)
অসম

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 3, 2021 4:23 pm
MLA Sherman Ali expelled

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে।
আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও ২ দিনৰহে জিম্মাত দিয়ে আৰক্ষীয়ে।

শ্বেৰমান আলীৰ ডায়েবেটিচ আৰু কাৰদিওলজিত আক্ৰান্ত, সেয়েহে চিকিৎসাৰ ব্যৱস্থা কৰিবৰ বাবে আদালতত আবেদন জনাইছে শ্বেৰমানৰ অধিবক্তাই।

ভাৰতীয় দণ্ডবিধিৰ ১৫৩/১৫৩(A) ধাৰাত গোচৰ ৰুজু শ্বেৰমানৰ বিৰুদ্ধে পাণবজাৰ থানাত ৫২০/২১ নম্বৰত ৰুজু হৈছে গোচৰ।

ইয়াৰোপৰি, শ্বেৰমানৰ বিৰুদ্ধে দিছপুৰ থানাৰ ৩৫৯৮/২১-নম্বৰত ১৫৩/১৫৩(A), ২৯৪/৫০০ ধাৰাত ৰুজু হৈ আছিল গোচৰ। লগতে ৪০৭/২১ নম্বৰত গীতানগৰ থানাত এক গোচৰ ৰুজু হৈ আছে।

উল্লেখযোগ্য যে, শ্বহীদক “ঘাতক-হত্যাকাৰী” আখ্যা দি শনিবাৰে সন্ধ্যা ৭:১৫ বজাত বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান।

অসম আন্দোলনৰ শ্বহীদক অপমান কৰি ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক অৱশেষত কালি পাণবজাৰ আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত দিছপুৰৰ বিধায়ক আবাসৰ পৰাই গ্ৰেপ্তাৰ কৰে।

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল। ৰাজ্যৰ থানাই থানাই বিধায়ক জনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

এসময়ত AIUDF দলত থাকোতে বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ অনুচৰ হিচাপে পৰিচিত শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগৰ পাছতে অসমৰ শ্বহীদৰ সম্পৰ্কত অতি অশোভনীয়-অপমানসূচক তথা বিৰূপ মন্তব্য কৰিছিল।

নেলীৰ প্ৰসংগ উত্থাপনৰে শ্বহীদ দয়ানাথ শৰ্মাক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য দি শ্বেৰমানে সংবাদ মাধ্যমৰ আগত কৈছিল ‘নেলীৰ দৰেই চাউলখোৱা চাপৰিত দয়ানাথ শৰ্মাৰ নেতৃত্বত মিঞা মানুহখিনিক হত্যাযজ্ঞ চলোৱা হৈছিল।

হাতত বন্দুক লৈ দয়ানাথ শৰ্মাৰ নেতৃত্বত কেইবাহাজাৰো মিঞালোকক হত্যা কৰা হৈছিল। মিঞা মানুহখিনিয়ে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক হত্যা কৰিছিল। হত্যাকাৰীক শ্বহীদ বুলি ক’লে ইতিহাস বিকৃত কৰা হ’ব।‘

তেওঁ লগতে শ্বহীদক অপমান কৰি কৈছিল, ‘হত্যাকাৰী-ঘাতক কেতিয়াও বন্দিত হ’ব নোৱাৰে তেওঁলোক নিন্দিত। আনকি যিসকলে নেলীত হত্যা কৰিবলৈ গৈছিল তেওঁলোকো ঘাতক। কিন্তু তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰি ৫ লাখকৈ টকা দিয়া হৈছে। তেওঁলোক শ্বহীদ নহয়।‘