NORTHEAST NOW (Assamese)
অসম

কৰিমগঞ্জক “শ্ৰীভূমি” বুলি পুনৰ নামকৰণৰ আহ্বান বিধায়ক শিলাদিত্যৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 10:33 am
Shilyaditya Deb

কৰিমগঞ্জক “শ্ৰীভূমি” বুলি পুনৰ নামকৰণৰ বাবে আহ্বান জনাইছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে।

সততে বিতৰ্কিত মন্তব্য কৰি ভাল পোৱা বিজেপি বিধায়ক শিলাদিত্য দেবে কৰিমগঞ্জৰ নতুনকৈ নামকৰণৰ প্ৰস্তাৱ আগ বঢ়াইছে।

শিলচৰত এটা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিধায়কজনে কয় যে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে ছিলেটক শ্ৰীভূমি বুলি কৈছিল আৰু তেওঁৰ প্ৰতি সন্মান জনাই কৰিমগঞ্জক নতুনকৈ নামকৰণ কৰিব লাগে।

তেওঁ কয়, আজিৰ কৰিমগঞ্জ তেতিয়াৰ ছিলেটৰ অংগ আছিল আৰু ছিলেট আছিল অসমৰ অংগ।

তেওঁ গুৱাহাটীলৈ ঘূৰি গৈ মুখ্য মন্ত্ৰীক এই অনুৰোধ জনাব বুলিও জানিবলৈ দিয়ে।

বিধায়কজনে ৫ নৱেম্বৰত বিশ্বকবিজন কৰিমগঞ্জত পদাৰ্পণ কৰাৰ শতবৰ্ষ পূৰ্তি উপলক্ষে আয়োজন কৰা এটা সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লৈছিল। অনুষ্ঠানটো পাতিছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰিমগঞ্জত পদাৰ্পণৰ শতবৰ্ষ পূৰ্তি উদযাপন সমিতিয়ে।

বিধায়কজনে আৰু কয়, সেই সময়ৰ অবিভক্ত ভাৰতৰ ছিলেট জিলাত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) ১৯৩৬ চনত তেওঁৰ দেউতাকৰ জন্ম হৈছিল। তেওঁক বহুতে বাংলাদেশী বুলি কোৱাৰ কাৰণ এইটোৱে।

আনহাতে অসমত এতিয়া হিন্দু বাঙালীসকল সংকটত আছে বুলি মন্তব্য কৰি সকলো হিন্দু বাঙালীক একত্ৰিত হৈ সংগ্ৰাম কৰিবলৈ আহ্বান জনায় বিধায়কজনে। এন আৰ চিৰ প্ৰসংগত, কাগজ-পত্ৰ ৰখাত বাঙালীসকল ভাল নহয় বুলি মন্তব্য কৰি কাগজ-পত্ৰহে আচল, আৱেগ আচল নহয় বুলি কয়।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী হৈয়ে নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন স্থান, অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ পুনৰ নামকৰণ অভিযান চলাইছিল। প্ৰতিশোধমূলক মনোভাবৰ প্ৰতিফলন ঘটা এই পদক্ষেপত বহুতো গুৰুত্বপূৰ্ণ ঠাই, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু আঁচনিৰ নাম সলনি কৰা হৈছিল।

যোগী আদিত্য নাথৰ নেতৃত্বৰ উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰখনেও অনুৰূপ পদক্ষেপ লৈছিল।