NORTHEAST NOW (Assamese)
অসম

পৰ্যটকৰ বাবে আজি পুৱা মুকলি হ’ল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 6, 2019 10:22 am

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হয়। কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে ফিটা কাটি বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰে।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত সঞ্চালক পি শিৱ কুমাৰৰ উপৰি ডি এফ অ’ ৰমেশ গগৈ, বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ড০ প্ৰণৱ জ্যোতি বৰা, বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ বিষয় ববীয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ অনান্য বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

বনাঞ্চলৰ উপৰিও নতুনডাংগা নামৰ গাঁওখনত বিশ্ব প্ৰকৃতিনিধি আৰু ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ উদ্যোগত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিয়ে আৰম্ভ কৰা কাৰ্বি জনগোষ্ঠীৰ পাৰম্পৰিক খাদ্য সম্ভাৰ কেন্দ্ৰও পৰ্যটকৰ বাবে আজি মুকলি কৰা হয়। বুঢ়াপাহাৰ বনাঞ্চললৈ অহা পৰ্যটকে এই কেন্দ্ৰত কাৰ্বি জনগোষ্ঠীৰ লগতে অনান্য পৰম্পৰাগত খাদ্যৰ জুতি ল’ব পাৰিব ৷

উল্লেখযোগ্য যে যোৱা ১২ অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলৰ জীপ ছাফাৰি ব্যৱস্থা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিছিল যদিও প্ৰতিকুল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাকী বনাঞ্চলৰ লগতে হাতী ছাফাৰিও মুকলি কৰিব পৰা হোৱা নাছিল।