NORTHEAST NOW (Assamese)
Popular Stories

থানাত পঞ্চাশজনীয়া দলৰ আক্ৰমণ; লক-আপ ভাঙি উলিয়াই নিলে তিনি কুখ্যাত ডকাইতক (চাওক ভিডিঅ’)

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 8, 2023 1:41 pm

পঞ্চাশজনীয়া লোকৰ এটা উন্মত্ত দলে থানাত আক্ৰমণ কৰে। আৰক্ষী কৰ্মীক প্ৰহাৰ কৰি তিনিজন কুখ্যাত ডকাইতক থানাৰ পৰা উলিয়াই নিলে! মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

নিশা তেতিয়া তিনি বাজিছিল। কমেও পঞ্চাশজন লোকে বলপূৰ্বক থানাত প্ৰৱেশ কৰে। থানাত কৰ্তব্যৰত আছিল চাৰিজন আৰক্ষী জোৱান।

লগতে পঢ়ক: বৰপেটাত আৰক্ষীৰ অভিযানত আটক PFI ৰ দুই শীৰ্ষ নেতাৰ লগতে এগৰাকী CFI ৰ শীৰ্ষ নেতা

জানিব পৰা মতে, হেমা মেঘৱাল নামৰ এজন কুখ্যাত ডকাইত আৰু তেওঁৰ দুই সহযোগীক নেপানগৰ থানাত আটক কৰি ৰখা হৈছিল।

মেঘৱালৰ বিৰুদ্ধে ডকাইতি আৰু অপহৰণৰ কেইবাটাও গোচৰ আছে। মেঘৱালৰ নামত ৩২ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল আৰক্ষীয়ে।

শেহতীয়াকৈ মেঘৱালক গ্ৰেপ্তাৰ কৰা হৈছিল। মেঘৱাল আৰু তেওঁৰ সংগীসকল আৰক্ষীৰ জিম্মাত আছিল।

লগতে পঢ়ক: চীন কোন নিচিনে টাইৱানে; হাতত আমেৰিকাৰ FGM 148 এণ্টি টেংক গাইডেড মিছাইল! মাতে কোনে?

থানাখনৰ চিচিটিভি ফুটেজত দেখা গৈছে যে কমেও পঞ্চাশজন লোকে বলপূৰ্বকভাৱে লাঠি লৈ থানাত প্ৰৱেশ কৰে। চাৰিজন আৰক্ষী জোৱানকো লাঠিৰে প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে। আহত তিনিজন আৰক্ষী জোৱান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এইদৰে ৫০ জনীয়া দলটোৱে আৰক্ষী জোৱানৰ সন্মুখতে লক-আপ ভাঙি মেঘৱাল আৰু তেওঁৰ দুই সংগীক লৈ যায়।

ঘটনাস্থলীত আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশ উপস্থিত হয়। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আক্ৰমণকাৰীক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত আছে।