NORTHEAST NOW (Assamese)
জীৱনশৈলী

ছন্দ হেৰাইছে নেকি দাম্পত্য জীৱনৰ? যৌন শক্তি বৃদ্ধিৰ বাবে খাওঁক এইকেইটা বিশেষ খাদ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2023 1:33 pm
ছন্দ হেৰাইছে নেকি দাম্পত্য জীৱনৰ? যৌন শক্তি বৃদ্ধিৰ বাবে খাওঁক এইকেইটা বিশেষ খাদ্য

আজিৰ ব্যস্ততাপূৰ্ণ সমাজখনত জীৱনধাৰণৰ কিছুমান অভ্যাস, খাদ্যাভাস আদি বিভিন্ন কাৰকৰ বাবে বহুতো লোক যৌন জীৱনত সুখী নহয়। যৌন অক্ষমতাই সমাজত বহুতো লোকক ইতিমধ্যে শাৰীৰিক আৰু মানসিকভাবে বিধ্বস্ত কৰি পেলাইছে। পৰিয়াললৈ অশান্তি কঢ়িয়াই আনিছে।

সেয়ে আজি আপোনালোকলৈ লৈ আনিছোঁ এনে এখন খাদ্যৰ তালিকা, যি কেইটা খাদ্য সেৱন কৰিলে বৃদ্ধি পাব আপোনাৰ যৌন সক্ষমতা। এই কেইটা খাদ্য নিয়মিতভাবে সেৱন কৰিলে আপুনি লাভ কৰিব পাৰিব চৰম যৌন তৃপ্তি। কি সেই কেইটা বিশেষ খাদ্য

ডাৰ্ক চকলেট:

এই বিশেষ চকলেটটোত ফেনাইল ইথাইলামাইন প্ৰচুৰ পৰিমাণে থাকে। যিয়ে এণ্ড’ৰ্ফিন হৰমন বৃদ্ধি কৰাত সহায় কৰে। এই হৰম’নে মনটোক সুস্থ কৰি ৰাখে। ইয়াত থকা ফ্লেভন’ইডে ৰক্ত সঞ্চালন বৃদ্ধি কৰে। যিয়ে যৌন উদ্দীপক হিচাপে কাম কৰে।

আপেল: বিজ্ঞানে কয় যে আপেলত থকা পুষ্টিকৰ উপাদানে কামনা বৃদ্ধি কৰে। সেয়ে যৌন শক্তি বৃদ্ধিৰ বাবে নিয়মিতভাবে আপেল ভক্ষণ কৰিব লাগে।

ডিমৰু ফল : অসমৰ গাঁও অঞ্চলত সততে দেখা পোৱা এবিধ ফল হৈছে বৰ ডিমৰু। এইবিধ ফলত থকা এমিনো এচিডে কামনাবাসনা বৃদ্ধি কৰাত বিশেষভাবে সহায় কৰে।

ছালমন: ছালমন হৈছে ওমেগা ৩ আৰু ফেটি এচিডেৰে ভৰপূৰ এবিধ খাদ্য। এই পদাৰ্থই শিৰা আৰু ধমনীৰ মাজত তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে। যিয়ে যৌনতাৰ তীব্ৰতা বৃদ্ধি কৰাত সহায় কৰে।

আদাঃ আদাই ৰক্ত সঞ্চালন বৃদ্ধি কৰে। আদা হৃদপিণ্ডৰ বাবেও যথেষ্ট উপকাৰী খাদ্য। ই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰে। যাৰ বাবে কামনা বৃদ্ধিত আদা এবিধ গুৰুত্বপূৰ্ণ খাদ্য।

তৰমুজঃ ইয়াত প্ৰচুৰ পৰিমাণে এমিন’ এচিড আৰু পানী থাকে। নিয়মিতভাবে তৰমুজ খোৱাৰ ফলত যৌন সম্পৰ্কৰ সময়ত মহিলাসকলৰ যোনি স্বাভাৱিকতেই পিছল হৈ পৰে আৰু সম্ভোগ সুখময় হয়।