NORTHEAST NOW (Assamese)

মণিপুৰত নিৰ্বাপিত হোৱা নাই বিদ্ৰোহৰ অগনি : প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়

June 17, 2023 5:50 pm · এন ই নাও নিউজ, গুৱাহাটী

শাম কটা নাই মণিপুৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাজাৰ বিজাৰ সেনা মণিপুৰলৈ প্ৰেৰণ কৰাৰ পিছতো এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত কাৰ্ফিও জাৰী কৰাৰ লগতে ইণ্টাৰনেট সেৱাৰ কৰ্তন ২০ জুনলৈকে সম্প্ৰসাৰিত কৰা হৈছে।

এনে পৰিস্থিতিতে শুকুৰবাৰে নিশা উন্মত্ত প্ৰতিবাদকাৰীয়ে ভাৰতীয় জনতা পাৰ্টিৰ এটা কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰি দিয়াৰ খবৰ আহি পৰিছে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে পোৱা নাই।

জানিব পৰা মতে, খোংমান ওক্ৰম চুথেকত অৱস্থিত থংজু বিধান সভা সমষ্টিৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এই ঘটনা সংঘটিত হৈছে।

প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰাৰ পিছত কাৰ্যালয়টো  জ্বলাই দিবলৈ উদ্ৰত হৈছিল যদিও যথেষ্ট তৰ্ক-বিতৰ্কৰ অন্তত প্ৰতিবাদকাৰীসকল আঁতৰি যায়।

ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে ইম্ফলৰ কংবাত থকা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ চৰকাৰী বাসগৃহ জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে। মন্ত্ৰীগৰাকী কেৰালাত থকাৰ সময়তে ঘৰটোত জুই লগাই দিছিল প্ৰতিবাদকাৰীসকলে। 

ঘটনাৰ পিছত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিবাদকাৰী সকলে ঘৰটো ঘেৰি ৰখাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীয়ে ঠাইখনত প্ৰৱেশ কৰিব নোৱাৰিলে। যাৰ বাবে ঘৰটো সম্পূৰ্ণৰূপে জুইত জাহ যায়।

আনহাতে বুধবাৰে পশ্চিম ইম্ফলত থকা মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীসকলে। 

Related News