NORTHEAST NOW (Assamese)

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

January 27, 2021 7:24 am · এন ই নাও নিউজ

দিল্লীত গণৰাজ্য দিৱসৰ দিনটোত কৃষক আন্দোলনকাৰী সকলে চলোৱা হিংসাত্মক কাৰ্য্যকলাপৰ পাছতে হাৰিয়ানা চৰকাৰে অধিক সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।

দিল্লীৰ ৰাজপথত প্ৰতিবাদী কৃষক সকলে সকলো নিয়ম উলংঘনেৰে ট্ৰেক্টৰ ৰেলী কৰাৰ পাছত লালকিল্লাত নিজৰ পতাকা উত্তোলন কৰে।

এই সময়ত বিভিন্ন স্থানত আৰক্ষী আৰু প্ৰতিবাদী কৃষকৰ মাজত খণ্ড যুদ্ধ হোৱা দেখা যায়।

আৰক্ষীয়ে প্ৰতিবাদী কৃষকক নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জ, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বিপৰীতে প্ৰতিবাদী কৃষকে ট্ৰেক্টৰেৰে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা চলায়।

দিল্লীত প্ৰতিবাদে চূড়ান্ত ৰূপ লোৱাৰ পাছতে হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ তিনিখন ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

হাৰিয়ানাৰ ছোনিপথ, ঝজ্জৰ আৰু পলবল জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে স্থানীয় প্ৰশাসনে।

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে উগ্ৰ কৃষক প্ৰতিবাদীকাৰী সকলক প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষী বাহিনীক সম্পূৰ্ণ ৰূপে সষ্টম হৈ থকাৰো নিৰ্দেশ দিয়ে।

Related News