NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ January 26, 2021 8:29 pm
94355452_10157511895548983_6137327993321684992_o-750x375
অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা নৱ ৰূপত স্বয়মৰ শুভাৰম্ভ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে হাতত লোৱা উক্ত যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ নিৰ্বাচিত হিতাধিকাৰীসকলক স্থানীয় বৰ্ডিং খেলপথাৰত আনুষ্ঠানিক ভাৱে অনুমোদন পত্ৰ বিতৰণ কৰিব বিত্ত, স্বাস্থ্য, শিক্ষা তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অনুমোদন পত্ৰ বিৰতণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰাজহ আৰু দূৰ্যোগ প্ৰশমন(স্ব), লোক নিৰ্মাণ বিভাগ (ৰাজ্যিক) মন্ত্ৰী যোগেন মহনৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওৰা বিধায়ক কুশল দুৱৰী আৰু নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া।
অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান বুধবাৰে দিনৰ ১.৩০ বজাত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।