NORTHEAST NOW (Assamese)
দেশ

কংগ্ৰেছক ‘মুছলিম লীগ-মাওবাদী’ বুলি অভিহিত মোদীৰ! বিহাৰ জয়ৰ পাছত বিৰোধী ঐক্যক ‘বোজা’ বুলিও ঠাট্টা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2025 10:46 am

বিহাৰ বিধানসভা নিৰ্বাচনত বৃহৎ জয় লাভৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে। তেওঁ কংগ্ৰেছক ‘মুছলিম লীগ-মাওবাদী কংগ্ৰেছ’ বুলি অভিহিত কৰে আৰু লগতে বিৰোধী মিত্ৰদলসমূহৰ বাবে কংগ্ৰেছ এতিয়া ‘বোজা’ হৈ পৰিছে বুলি ঠাট্টা-মস্কৰা কৰে।

শুকুৰবাৰে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি মোদীয়ে এই মন্তব্য কৰে।

মোদীয়ে কয়, “কংগ্ৰেছ এতিয়া বোজা হৈ পৰিছে। তেওঁলোকৰ লগত যিয়ে হাত মিলাইছে তেওঁলোক ধ্বংস হৈছে। মই কংগ্ৰেছৰ মিত্ৰদলসমূহকো সতৰ্ক কৰি দিছিলো যে কংগ্ৰেছ হৈছে এক পৰজীৱীৰ দৰে, যিয়ে নিজৰ লাভৰ বাবে সহযোগীৰ ভোট বেংক শোহে।”

লগতে মোদীয়ে কয়, “কংগ্ৰেছে ইভিএমক লৈ প্ৰশ্ন উত্থাপন কৰে, নিৰ্বাচন আয়োগক অপমান কৰে, দেশৰ শত্ৰুক সমৰ্থন কৰে। ভাৰতৰ উন্নয়নৰ বাবে কংগ্ৰেছৰ কোনো ইতিবাচক দৃষ্টিভংগী নাই।”

তেওঁ কংগ্ৰেছক বিহাৰত আৰজেডি শাসনৰ সময়ৰ ‘জংগলৰাজ’ৰ সৈতে তুলনা কৰে। তেওঁ কয়, “জংগলৰাজৰ বিষয়ে কিবা ক’লে কংগ্ৰেছেও আঘাত পাব।”

বিহাৰ নিৰ্বাচনৰ ফলাফল অনুসৰি, নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ-এ ২০০ ৰো অধিক আসনত অগ্ৰগতি লাভ কৰি এক বিৰাট জয় সুনিশ্চিত কৰে। ইয়াৰ বিপৰীতে, তেজস্বী যাদৱৰ নেতৃত্বত মহাগঠবন্ধনে ৪০ আসনৰ সীমাও অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল।

প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে বিহাৰ নিৰ্বাচনত এন ডি এ-এ যিমান সংখ্যক আসন লাভ কৰিছে, কংগ্ৰেছে বিগত ছটা বিধানসভা নিৰ্বাচনত সিমান আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই।