NORTHEAST NOW (Assamese)
অসম

মোদীৰ সন্মুখতে আত্মহত্যাৰ সকীয়নি শ্বিলং লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ

Posted by: অনুপ শৰ্মা April 11, 2019 6:34 pm
Modi favours CAB but Shillong candidate threatens suicide over Bill

পুনৰ শাসনলৈ আহিলে নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিয়ে লোকসভা নিৰ্বাচনত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সংকল্পৰ প্ৰতিবাদত আত্মহত্যাৰ হুংকাৰ দিছে দলটোৰে শ্বিলং সমষ্টিৰ প্ৰাৰ্থী চানবৰ চুলায়ে।

গেৰুৱা দলটোৰ আকোৰগোঁজ স্থিতিৰ বিপৰীতে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা অব্যাহত ৰাখি বৃহস্পতিবাৰে এই ঘোষণা কৰিছে সাংসদ প্ৰাৰ্থীগৰাকীয়ে।

“চানবৰ চুলাই জীয়াই থকা পৰ্য্যন্ত নাগৰিকত্ব বিধেয়ক কাৰ্য্যকৰী কৰিব নোৱাৰিব। মই নিজকে হত্যা কৰিম, বিধেয়ক যদি কাৰ্য্যকৰী কৰে, মই নৰেন্দ্ৰ মোদীৰ সন্মুখতে আত্মহত্যা কৰিম। মই নাগৰিকত্ব বিধেয়ক কাৰ্য্যকৰী হ’বলৈ নিদিওঁ,” শ্বিলঙত সাংবাদিকৰ আগত চুলাইৰ মন্তব্য।

লগতে পঢ়ক– মোদী-শ্বাহলৈ কঢ়া চিঠি মেঘালয় বিজেপি নেতা চুলাইৰ

তাৎপৰ্য্যপূৰ্ণভাৱে চুলাইৰ এই মন্তব্যৰ দিনটোতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এখন নিৰ্বাচনী সভাত বিধেয়কখন গৃহীত কৰাৰ আশ্বাস প্ৰদান কৰিছে।

যোৱা ফেব্ৰুৱাৰিত শ্বিলঙত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হোৱা ৪০ হাজাৰোধিক লোকৰ বিশাল প্ৰতিবাদত ভাগ লোৱাৰ পিছতে মেঘালয়ৰ বিজেপি নেতা চুলায়ে এক কঢ়া পত্ৰ প্ৰেৰণ কৰিছিল মোদী-অমিতশ্বাহলৈ।

গৃহ ৰাজ্য মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূবক আওতাৰ পৰা বাদ নিদি বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃ্হীত কৰিলে এমাহৰ ভিতৰত হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে দল এৰাৰ হুংকাৰ দিছিল বিজেপি নেতাজনে।