NORTHEAST NOW (Assamese)

মোবাইল ডাটাৰ ওপৰতো কৰ আৰোপ মোডী চৰকাৰৰ! প্ৰতি জিবিত কিমান হ’ব অতিৰিক্ত খৰচ?

March 14, 2026 8:14 am · এন ই নাও নিউজ, নতুন দিল্লী

ডিজিটেল ইণ্ডিয়াৰ যুগত ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে পুনৰ অতিৰিক্ত টকা ভৰিব লাগিব! জানিব পৰা মতে, মোডী চৰকাৰে মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। যদি তেনেকুৱা হয় তেন্তে মোবাইল ব্যৱহাৰকাৰীয়ে প্ৰতি জিবি ডাটাৰ ওপৰত অতিৰিক্ত কৰ দিব লাগিব।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মোবাইল ডাটাত অতিৰিক্ত কৰ আৰোপ কৰাৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰিছে। এনেদৰে কৰ আৰোপ কৰাটো সম্ভৱ হয় নে নহয় সেয়া পৰীক্ষা কৰি থকা হৈছে। এই তথ্য পোহৰলৈ আহিছে টেলিকম বিভাগৰ এক পৰ্যালোচনা বৈঠকৰ পৰা।

ইয়াৰ পিছত সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰালয়ে জনাইছে যে তেওঁলোকে এই কৰ আৰোপ কৰাৰ বিষয়টো গভীৰভাৱে পৰীক্ষা কৰি আছে। এইদৰে কৰ আৰোপ কৰাটো সম্ভৱ হয় নে নহয় আৰু যদি জাপি দিয়া হয়, তেন্তে ইয়াক কেনেদৰে কাৰ্যকৰী কৰা হ’ব।

প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে যদিহে মোবাইল ডাটাত অতিৰিক্ত কৰ আৰোপ কৰা হয়, তেন্তে প্ৰতি জিবি ডাটাৰ ওপৰত ১ টকীয়া কৰ আৰোপ কৰা হ’ব পাৰে। যদি এই প্ৰক্ৰিয়া কাৰ্যকৰী হয় তেন্তে গ্ৰাহকৰ বাবে তথ্যৰ খৰচ বহু পৰিমাণে বৃদ্ধি পাব তাত সন্দেহ নাই। বৰ্তমান চৰকাৰে মোবাইল ৰিচাৰ্জ আৰু পোষ্টপেইড বিলৰ ওপৰত ১৮ শতাংশ কৰ লয়। এনে ক্ষেত্ৰত গ্ৰাহকে পৃথকে আৰু কৰ দিব লাগিব।

যদিও এই বিষয়ত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই, তথাপিও এই পদ্ধতিৰে চৰকাৰলৈ ২২,৯০০ কোটি টকা উপাৰ্জন হ’ব বুলি দাবী কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই।

উল্লেখ্য যে ভাৰত বিশ্বৰ এনে এখন দেশ য’ত মোবাইল ডাটা অতি সস্তা। কম খৰচৰ বাবে দেশত মোবাইল ডাটাৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। দেশত ভিডিঅ’ ষ্ট্ৰীমিং, ছ’চিয়েল মিডিয়া, অনলাইন গেম আৰু ৰিলৰ চোৱাৰ পৰিমাণ প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে।

Related News