NORTHEAST NOW (Assamese)

অৰ্থনৈতিক ব্যৱস্থাত চৰকাৰৰ সঞ্জীৱনী; ‘কৰ্পোৰেট কৰ’ত ৰেহাইৰ ঘোষণা

September 20, 2019 2:07 pm · এন ই নাও নিউজ
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

জিএছটি কাউন্সিলৰ গোৱাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পূৰ্বে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অৰ্থনীতিক গতি দিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

শুকুৰবাৰে বিত্ত মন্ত্ৰীয়ে ‘কৰ্পোৰেট কৰ’ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে। তেওঁ কয় যে কোম্পানীৰ বাবে কৰ্পোৰেট টেক্স হ্ৰাস কৰা হ’ব।

বিত্ত মন্ত্ৰীয়ে ২০১৯’ৰ ১ অক্টোবৰৰ পাছত গঠন কৰা কোম্পানীসমূহৰ ওপৰত ১৫ শতাংশ কৰৰ প্ৰস্তাৱো দিছে।

নিৰ্মলা সীতাৰমণৰ ফালৰ পৰা এই ঘোষণা কৰাৰ লগে লগেই শ্বেয়াৰ বজাৰত ক্ষিপ্ৰ উত্থান দেখা গৈছে আৰু ছেনছেক্স ৯০০ অংক ওপৰলৈ উঠিছে।

বিত্ত মন্ত্ৰীয়ে ইয়াৰ মাজতে নিম্নতম বিকল্প কৰ (MINIMUM ALTERNATE TAX) সম্পূৰ্ণ উঠাই দিয়াৰ ঘোষণা কৰিছে।

তেওঁ সংবাদমেলত কয় যে চৰকাৰে ‘মেক ইন ইণ্ডিয়া’ত বিনিয়োগৰ প্ৰচেষ্টা চলাইছে। লগতে তেওঁ শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে মূলধনী আয়ৰ ওপৰত উপকৰ নলগোৱাৰ কথাও স্পষ্ট কৰে।

বিত্ত মন্ত্ৰীৰ এই বিশেষ ঘোষণাত কি আছেঃ

-কৰ্পোৰেট ইণ্ডিয়াৰ বাবে ১.৫ লাখ কোটি টকাৰ ৰেহাই পেকেজ।

–  কৰ্পোৰেট টেক্স সমাপ্ত কৰাৰ প্ৰস্তাৱ।

– নিম্নতম বিকল্প কৰ (MAT) সম্পূৰ্ণ সমাপ্ত কৰাৰ প্ৰস্তাৱ।

-এফ পি আই এছ (ফৰেইন পৰ্টফলিঅ’ ইনভেষ্টৰ্ছ চাৰচাৰ্জ)ৰ ওপৰত অতিৰিক্ত উপকৰ লগোৱা নহয়।

– কোনো ৰেহাই অবিহনে কৰ্পোৰেট টেক্স ২২ শতাংশ হ’ব।

– উপকৰ আৰু অতিৰিক্ত উপকৰ সহ ২৫.১৭ শতাংশ কৰ হ’ব।

-ইকুইটি কেপিটেল আয়ৰ ওপৰত অতিৰিক্ত উপকৰ লগোৱা নহয়।

– এছ টি টি (Securities Transaction Tax) দিয়া বিনিয়োগকাৰীৰ ওপৰত বৃহৎ অতিৰিক্ত কৰ লগোৱা নহয়।

-৫ জুলাইৰ পূৰ্বে বায়’বেকৰ ওপৰত ২০ শতাংশ কৰ লগোৱা নহয়।

-উৎপাদন কোম্পানীৰ বাবে কৰ হ্ৰাস হ’ব।

বিত্ত মন্ত্ৰীৰ এই ঘোষণাসমূহে দেশৰ আৰ্থিক মন্দাৱস্থাৰ ক্ষেত্ৰত কিছু সকাহ দিব বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

Related News