NORTHEAST NOW (Assamese)

মোদী ‘ফাঁকিদাস, ফেকু’, সোণোৱাল-হিমন্ত-অতুল ‘বদন’: বোকাখাতত বিধায়ক ৰূপজ্যোতি

December 2, 2018 11:09 pm · উত্তম শইকীয়া
বোকাখাতত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত ৰূপজ্যোতি কুৰ্মী। ছবি- নৰ্থ ইষ্ট নাও।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী “ফাঁকিদাস, ফেকু, দগাবাজ”, মুখ্য মন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰা “বদন বৰফুকন”। এই ঘোষণাৰে মন্ত্ৰী তথা অগপ সভাপতি বৰাৰ সমষ্টি বোকাখাতত দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

শতাধিক কৰ্মী-সমৰ্থকৰ বাইক ৰেলিৰে সমষ্টিটোৰ বিভিন্ন ঠাইত উপস্থিত হৈ ভোটাৰসকলক কংগ্ৰেছ প্ৰাৰ্থীক ভোট দানৰ বাবে আহ্বান জনায় বিধায়ক গৰাকীয়ে৷ প্ৰচাৰ কালত বাটতে লগ কৰি অগপ দলৰ প্ৰাৰ্থী ৰোমান বৰুৱাকো শুভেচ্ছা জ্ঞাপন কৰে কুৰ্মীয়ে৷

জাতি-মাটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি দলে এতিয়া বাংলাদেশীক ৰঙা দলিচাৰে অসমলৈ আমন্ত্ৰণ কৰাক লৈ বিধায়ক গৰাকীয়ে দলটোক তীব্ৰ সমালোচনা কৰে৷

নিজৰ হাতখনৰ প্ৰয়োজনীয়তা বাখ্যাৰে কুৰ্মীয়ে সকলোকে কংগ্ৰেছত ভোট দিবলৈ আহ্বান জনায়৷

পুৱাবেলাতেই সমষ্টিটোৰ হাতীখুলি আৰু মেথনি চাহ বাগিচা আৰু পিছত বোকাখাত চাহ বাগিচা আৰু নুমলীগড়ত দলৰ হৈ প্ৰচাৰ চলায় মৰিয়নীৰ বিধায়কজনে।

Related News