NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰলৈহে সময় নাই ! দুদিনীয়া ইজিপ্ত ভ্ৰমণৰ বাবে সাজু নৰেন্দ্ৰ মোডী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 23, 2023 8:05 pm

শনিবাৰে দুদিনীয়া ইজিপ্ত ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে একাদশ শতিকাৰ আল-হাকিম মছজিদ দৰ্শন কৰিব।

ইজিপ্তৰ ৰাজধানী কায়ৰোত দুদিনীয়া কাৰ্যসূচীৰ শেষ দিনটোৰ প্ৰথমটো অনুষ্ঠান হিচাপে মোডীয়ে দৰ্শন কৰিব আল-হাকিম মছজিদ।

জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় আধা ঘণ্টা সময় কটাব আল-হাকিম মছজিদত। 

উল্লেখ্য যে দশম শতিকাৰ শেষৰ ফালে ৯৯০ চনত আল-হাকিম বি-আমৰ আল্লাহৰ পিতৃ খলিফা আল-আজিজ বিলাহে নিৰ্মাণ কৰা এই মছজিদটো পিছলৈ ১০১৩ চনত আল-হাকিমে নিৰ্মাণ সম্পূৰ্ণ কৰে।

কায়ৰোৰ ফাতিমিদ স্থাপত্য আৰু ইতিহাসৰ এক উল্লেখযোগ্য উদাহৰণ আল-হাকিম মছজিদ। 

ভ্ৰমণৰ পূৰ্বে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমটো ইজিপ্ত ভ্ৰমণ, ১৯৯৭ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইজিপ্ত ভ্ৰমণৰ পিছত এইটোৱেই হ’ব প্ৰথম আনুষ্ঠানিক দ্বিপাক্ষিক ভ্ৰমণ।

জানিব পৰা মতে, প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ যুঁজ দি সৰ্বোচ্চ বলিদান দিয়া ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে হেলিঅ’পলিছ ৱাৰ গ্ৰেভ কবৰস্থান ভ্ৰমণ কৰিব।