NORTHEAST NOW (Assamese)
ক্ৰীড়া

অসুস্থ মাতৃ হাস্পাতালত : বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে চিন্তাত মহম্মদ শ্বামী 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2023 3:16 pm

ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলৰ পূৰ্বে চিন্তাত পৰিছে মহম্মদ শ্বামী। ভাৰতীয় দলৰ তাৰকা বলাৰগৰাকীয়ে খেলখনক লৈ চিন্তিত হোৱাৰ সময়ত এতিয়া চিন্তাত পৰিছে পৰিয়ালক লৈ। 

খেলৰ পূৰ্বে মহম্মদ শ্বামিৰ মাতৃ অসুস্থ হৈ পৰে। জানিব পৰা মতে দেওবাৰে পুৱা মহম্মদ ছামিৰ মাতৃ অঞ্জুম আৰা অসুস্থ হৈ পৰে। তেওঁক উত্তৰ প্ৰদেশৰ আমৰোহাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কোৱা হৈছে যে বৰ্তমান অঞ্জুম আৰা জীয়ৰীৰ লগত আছে।

পুৱা অসুস্থ হৈ পৰাৰ পিছত যদিও তেওঁক ঘৰতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল, তথাপিও তেওঁৰ অৱস্থা অধিক বেয়া হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। এতিয়া তেওঁৰ অৱস্থা কেনেকুৱা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

বিশ্বকাপৰ চূড়ান্ত খেলৰ পূৰ্বে দেওবাৰে পুৱা মহম্মদ ছামিৰ সৈতে ফোনযোগে কথা পাতিছিল মাতৃয়ে। মাতৃয়ে ৰাতিপুৱা পুত্ৰক স্বাস্থ্যৰ বিষয়ে সোধাৰ লগতে আৰু মেচৰ বাবে আগতীয়াকৈ শুভকামনা জ্ঞাপন কৰে। 

এক সাক্ষাৎকাৰত মহম্মদ ছামিৰ মাতৃয়ে কয় যে আজিৰ খেলখনত ভাৰত নিশ্চিতভাৱে জয়ী হ’ব।