NORTHEAST NOW (Assamese)
Popular Stories

‘বিশ্ব শ্ৰেষ্ঠ কোহলি, আটাইতকৈ ভয়ংকৰ ৰোহিত’, কিং- হিটমেন যুটিক বিৰাট চাৰ্টিফিকেট ছামীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2024 12:27 pm

দেশত চলি আছে হাই ভল্টেজৰ ভাৰত-ইংলেণ্ড টেষ্ট ছিৰিজ। অৱশ্যে ভাৰতীয় তাৰকা পেচাৰ মহম্মদ ছামীয়ে সেই ছিৰিজত খেলা নাই। জানিব পৰা মতে তেওঁৰ গোৰোহাৰ আঘাতৰ অৱস্থা ভাল নহয়। যাৰ বাবে এতিয়া তেওঁ ২২ গজৰ পৰা দূৰত আছে। আনহাতে, ব্যক্তিগত কাৰণত ইংলেণ্ড শৃংখলাৰ প্ৰথম দুখন টেষ্টৰ পৰা আঁতৰি আহিছিল বিৰাট কোহলীয়ে।

দুয়োটা দলৰ মাজত এতিয়াও ৩ খন টেষ্ট মেচ বাকী আছে। অৱশ্যে তাৰ বাবে ভাৰতীয় দলটো এতিয়াও ঘোষণা কৰা হোৱা নাই। ইয়াৰ মাজতে মহম্মদ ছামীয়ে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক বিৰাট প্ৰমাণ পত্ৰ প্ৰদান কৰিছে।

লগতে পঢ়কঃ আই এ এছ- আই পি এছৰ সন্তান, তথাপি কিয় সংৰক্ষণ? প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

বিৰাট কোহলী আৰু ৰোহিত শৰ্মা বিশ্ব ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ। বহু প্ৰতিদ্বন্দ্বীয়ে ভালদৰেই জানে যে এই  যুটি (ৰোহিত আৰু কোহলী)ক ৰখাৱাটো টান। এইবাৰ ছা মুখতো শুনা গ’ল একেই কথা।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ভাৰতীয় পেচাৰ মহম্মদ ছামীয়ে কয়, ‘বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন হৈছে বিৰাট কোহলী। বিৰাটে একাধিক অভিলেখ ভংগ কৰিছে। মই ভাবো বিৰাট বৰ্তমান বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন আৰু বিশ্বৰ আটাইতকৈ ভয়ংকৰ বেটছমেন হৈছে ৰোহিত শৰ্মা।

লগতে পঢ়কঃ বিজ্ঞানৰ জটিল কথাবোৰ ভিডিঅ’ৰে বুজাই প্ৰায় ৩.৩১ কোটি টকা জিকিলে ভাৰতীয় কিশোৰীয়ে

অৰ্জুন বঁটা বিজয়ী ভাৰতীয় পেচাৰ মহম্মদ ছামীক সোধা হৈছিল যে তেওঁৰ মতে শ্ৰেষ্ঠ ভাৰতীয় আৰু শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অধিনায়ক কোন? এই প্ৰশ্নৰ উত্তৰ দিওঁতে ছামীয়ে প্ৰথমে ক’লে, ‘এইটো এটা কঠিন প্ৰশ্ন। কাৰণ ইয়াৰ উত্তৰ দিবলৈ এজন ব্যক্তিৰ সৈতে আন এজন ব্যক্তিৰ তুলনা আহি যায়। মই ভাবো সকলোৰে প্ৰতিভা বেলেগ বেলেগ। কিন্তু যিজন বেছি সফল হয় তেওঁৰ নামেই প্ৰথম আহে। মোৰ মতে সেইবাবেই এই স্থানত আছে মহেন্দ্ৰ সিং ধোনী । তেওঁ যিখিনি অৰ্জন কৰিছে, সেয়া আন কোনেও কৰা নাই।’